এনকাউণ্টাৰ আৰু বুলড’জাৰ

Dainik janambhumi September 14, 2024

ডিজিটেল ডেস্কঃ ২০১৪ বৰ্ষৰ পাছত বিশেষকৈ কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতা লাভ কৰাৰ পাছত ‘আইন-শৃংখলা’ ৰক্ষা আৰু অপৰাধ নিয়ন্ত্ৰণৰ নামত ভুৱা এনকাউণ্টাৰৰ ঘটনা আৰু দমনমূলক ব্যৱস্থা ৰূপে অভিযুক্ত ব্যক্তিৰ ঘৰ বা আন সা-সম্পত্তি বুলড’জাৰ লগাই ধবংস কৰাৰ প্ৰৱণতা বৃদ্ধি পালে৷

এই ক্ষেত্ৰত যদিহে চৰকাৰখন তথাকথিত ‘ডবল ইঞ্জিন’ চৰকাৰ হয় তেন্তে কথাই নাই৷ দমন-নিপীড়নৰ এই নৃশংস অধ্যায়ৰ আৰম্ভণি ঘটিছিল বিজেপি শাসিত গুজৰাটত৷ তুলসী প্ৰজাপতি, ছোহৰাবউদ্দিন শ্বেখ আদি নানা ভুৱা এনকাউণ্টাৰ আৰু আইন বহিৰ্ভূত হত্যাৰ কথা এসময়ত সংবাদ মাধ্যমত বিশেষভাৱে প্ৰচাৰিত হৈছিল৷ তাৰ পাছত তেনে ধৰণৰ ‘এনকাউণ্টাৰ’ আৰু বুলড’জাৰ মাৰ্কা দমনৰ বাবে কুখ্যাত হৈ পৰিল যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশ৷ সংখ্যালঘু সম্প্ৰদায় আৰু ৰাজনৈতিক প্ৰতিপক্ষৰ বিৰুদ্ধে পৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে তেনে ব্যৱস্থা লোৱাৰ অভিযোগ তুলি উত্তৰ প্ৰদেশৰ ক্ষতিগ্ৰস্ত একাংশ লোকে ইতিমধ্যে ন্যায় বিচাৰি উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷

উত্তৰ প্ৰদেশৰ পাছতে বুলড’জাৰ মাৰ্কা দমন আৰু সংঘৰ্ষ আৰু মৃত্যুৰ আন এটা উপত্যকা হৈছে মণিপুৰ৷ মণিপুৰৰ জুই যোৱা দুবছৰ ধৰি সমান তীব্ৰতাৰে জ্বলি আছে৷ দমন- নিপীড়নে যেতিয়া সকলো সীমা অতিক্ৰম কৰি যায় তেতিয়া এটা সময়ত জনতাই চৰকাৰী দমন-নিপীড়নক ভয় নকৰা হয়৷ তাৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলে৷ বৰ্তমান মণিপুৰৰ অৱস্থাও তেনে পৰ্যায়লৈ গৈছে৷ সকলো দিশৰ পৰা ব্যৰ্থ আৰু আজিৰ মণিপুৰৰ বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি কৰোতা বিজেপিৰ মুখ্যমন্ত্ৰীজনক কিন্তু চৰকাৰে সকলো প্ৰকাৰে ৰক্ষণাবেক্ষণ দি আহিছে৷

ইয়াৰ পাছতে আমাৰ অসমৰ স্থান৷ অসম চৰকাৰো অভূতপূৰ্ব দমন-নিপীড়নৰ বাবে ইতিমধ্যেই কুখ্যাত আৰু কলংকিত হৈ পৰিছে৷ অভিযুক্তক আৰক্ষীয়ে চক্ৰান্তমূলকভাৱে হত্যা কৰি তাৰ মনেসজা ব্যাখ্যা দাঙি ধৰা আৰু ‘বেদখল’ উচ্ছেদৰ নামত নিৰীহ লোকৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ ভাঙি হাৰাশাস্তি কৰাটো অসম চৰকাৰৰ এটা বৈশিষ্ট্য হৈ পৰিছে৷ সকলো ধৰণৰ প্ৰতিবাদ নস্যাৎ কৰি চলাই যোৱা এনে নৃশংস দমন- নিপীড়নৰ ফলত সৰ্বসাধাৰণৰ অন্তৰত বৰ্তমানৰ চৰকাৰ আৰু ক্ষমতাশালী মহলৰ প্ৰতি ক্ষোভ আৰু ঘৃণাৰ সৃষ্টি হৈছে৷

অসমৰ ভুৱা এনকাউণ্টাৰৰ বিষয়ে ইতিমধ্যে উচ্ছতম ন্যায়ালয়ত গোচৰ চলি আছে৷ ৰাজ্য চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে৷ কিন্তু ৰাজ্য চৰকাৰে বিষয়টো এৰাই চলিবলৈ যত্ন কৰিছে৷ শপতনামা দাখিলৰ তৃতীয় তাৰিখতো চৰকাৰে নানা অজুহাতত শপতনামা দাখিলৰ পৰা আঁতৰত আছে৷

অৱশেষত উচ্ছতম ন্যায়ালয়ে অসমৰ ভুৱা এনকাউণ্টাৰ বিষয়ক লৈ এখন আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ন্যায়াধীশ উজ্জ্বল ভূঞাই ক’বলৈ বাধ্য হৈছে যে বাৰে বাৰে অভিযুক্তই প্ৰাণ হেৰুৱাটো আইনৰ শাসনৰ বাবে মংগলজনক নহয়, বৰঞ্চ বিপজ্জনক কথাহে৷ শাসনৰ বাঘজৰী যিসকলৰ হাতত থাকে, সেই শ্ৰেণীয়ে সুবিধা পালেই নিজৰ দক্ষতা প্ৰকাশ কৰে নিৰীহ আৰু সামাজিকভাৱে দুৰ্বলসকলৰ ওপৰত জোৰ-জুলুম কৰি৷ বান-খহনীয়া সমস্যাই বহু বছৰ ধৰি অসমৰ বৃহৎসংখ্যক নৈপৰীয়া আৰু চৰ-চাপৰিৰ মানুহক ভূমিহীন, গৃহহীন কৰি আহিছে৷

ক্ষমতাৰ ৰাজনীতি কৰা ৰাজনৈতিক দলৰ লোকে এই লোকসকলৰ দুৰ্দশা-দুৰৱস্থাৰ ওপৰত অধ্যয়ন চলাই সঠিক নীতি নিধাৰণ কৰা নাই৷ এঠাইত কৃষিভূমি হেৰুওৱা লোকে জীৱিকাৰ তাড়নাত আন কোনো অঞ্চললৈ কৃষিভূমিৰ সন্ধানত যায়৷ চৰকাৰী সংৰক্ষিত ভূমি, চৰণীয়া পথাৰ বা বনাঞ্চল আদিত এইসকল লোকে থিতাপি লৈ বেদখলকাৰী হৈ পৰে৷ এনে বেদখলকাৰীৰ ভিতৰত চৰ অঞ্চলৰ লোকো আছে আৰু অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকো৷ সামগ্ৰিকভাৱে এই শ্ৰেণীটো আৰ্থিক আৰু সামাজিকভাৱে দুৰ্বল৷ এনে দুৰ্বল লোকেই সাধাৰণতে ‘বুলড’জাৰ’ মাৰ্কা দমনৰ বলি হয়৷ সামাজিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী অপৰাধী তথা অভিযুক্তসকলক আইন আৰু আৰক্ষীয়ে ঢুকি নাপায়৷ কাৰণ পৰোক্ষভাৱে হ’লেও চৰকাৰ এইসকলৰ পক্ষত থাকে৷ অসমত ছিপাঝাৰৰ গৰুখঁুটিৰ পৰা আৰম্ভ কৰি আন বহু স্থানত বেদখল উচ্ছেদ হৈ গ’ল৷ হাজাৰ বিঘা মাটি উদ্ধাৰ হ’ল৷ উদ্ধাৰ হোৱা মাটিত কৃষিপাম, গুজৰাটৰ গাই পোহাৰ ফাৰ্ম হ’ল৷ কিন্তু উৎপাদন? উত্তৰ নেতিবাচক৷

নগাঁৱৰ বটদ্ৰৱা থানাৰ এলেকাত সংঘটিত হোৱা ঘটনা৷ আৰক্ষীয়ে সন্দেহতে এজন লোকক ধৰি আনি থানাত আটক কৰি ৰাখিলে৷ তাৰ পাছত ধনদাবী, অভিযোগ অনুসৰি ৰাতি অধিক মাৰপিট কৰাত অৱস্থা বেয়া হ’ল৷ হয়তো মৃত্যু ঘটিল নাইবা গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ নিয়া হ’ল৷ তাতে মৃত্যু হ’ল অভিযুক্তৰ৷ এয়া এক গুৰতৰ অপৰাধ৷ জিম্মাত থকা অভিযুক্তৰ আৰক্ষীৰ অত্যাচাৰত মৃত্যু৷ এই ঘটনাত অঞ্চলটোৰ লোক, অভিযুক্তৰ আত্মীয় ক্ষুব্ধ হয়৷ প্ৰতিবাদ কৰে৷ থানা পৰ্যন্ত জ্বলাই দিয়ে৷ আৰক্ষীয়ে এই ঘটনাত জড়িতসকলৰ ঘৰ বুলড’জাৰ লগাই ভাঙে, সম্পত্তি নষ্ট কৰে৷ কিন্তু উচ্ছ ন্যায়ালয়ে অৱশেষত এই ঘটনাৰ ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে.

শেহতীয়াকৈ ধিঙৰ ঘটনাৰ মূল অভিযুক্তজনৰ আৰক্ষীৰ কবলত থাকোতেই পানীত পৰি মৃত্যু ঘটিল৷ ঘটনাটো ৰহস্যজনক৷ বিচাৰ সম্পূৰ্ণ নৌহওতেই, প্ৰকৃত সত্য উন্মোচন নহওতেই অভিযুক্তৰ উদ্দেশ্যপ্ৰণোদিত হত্যা, উচ্ছতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ উজ্জ্বল ভূঞাই মত প্ৰকাশ কৰাৰ দৰেই আইনৰ শাসন হ’ব নোৱাৰে৷ অভিযুক্তৰ ঘৰ-সম্পত্তি বিচাৰৰ ৰায় হোৱাৰ পূৰ্বেই ধবংস কৰা, আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নহওতেই অভিযুক্তক হত্যা কৰাটো সভ্য আৰু গণতান্ত্ৰিক সমাজৰ লক্ষণ হ’ব নোৱাৰে৷ চৰকাৰৰ এনে স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সচেতন নাগৰিকে দৃঢ়তাৰে থিয় দিব লাগিব৷

Share This