মাওবাদীমুক্ত কৰাৰ দৰে কেন্দ্ৰই চলাব অভিযান, ২০২৯ত উগ্রপন্থীমুক্ত কৰিব সমগ্র উঃ-পূর্বাঞ্চল!

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলক সম্পূৰ্ণৰূপে উগ্রপন্থী মুক্ত কৰাৰ লক্ষ্য লৈছে। উল্লেখযোগ্য যে চৰকাৰে ইয়াৰ আগতে চলিত বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশক মাওবাদী মুক্ত কৰাৰ লক্ষ্য লৈছিল। চৰকাৰে এই লক্ষ্যত প্রায় উপনীত হৈছে। ইয়াৰ পাছত এতিয়া উত্তৰ-পূৰ্বাঞ্চলক উগ্রপন্থী মুক্ত কৰাৰ লক্ষ্য লৈছে। 

'হিন্দুস্তান টাইমছে' ইয়াৰ সৈতে জড়িত সূত্ৰসমূহৰ উদ্ধৃতি দি প্ৰকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে দেশৰ পৰা বাওঁপন্থী উগ্রপন্থী নির্মূল কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এতিয়া উত্তৰ-পূৰ্বাঞ্চলত গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোক এই সমস্যাৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছে। ইয়াৰ বাবে যোৱা তিনি বছৰে জাতিগত সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰত অগ্রাধিকাৰ দিয়া হৈছে। 

কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে লোৱা সিদ্ধান্ত অনুসৰি মাওবাদীৰ বিৰুদ্ধে অভিযান চলোৱা বাহিনীসমূহক এতিয়া উগ্রপন্থী প্ৰভাৱিত ৰাজ্য মণিপুৰ, অসম, অৰুণাচল প্রদেশ আৰু নগালেণ্ডৰ দৰে ৰাজ্যলৈ প্ৰেৰণ কৰিব। গেৰিলা যুদ্ধৰ বাবে বিশেষভাৱে প্রশিক্ষণ লোৱা চি আৰ পি এফৰ 'কৱা'ৰ (কমাণ্ডো বেটেলিয়ন ফৰ ৰিজলিউট একশ্যন) দৰে নিৰ্দিষ্ট গোটক এতিয়া উত্তৰ-পূর্বাঞ্চলত মোতায়েন কৰা হ'ব। বিষয়াসকলে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে মাওবাদীৰ প্ৰভাৱ থকা অঞ্চলবোৰৰ পৰা এতিয়াই নিৰাপত্তা বাহিনী প্রত্যাহাৰ কৰা নহয়, পর্যায়ক্রমেহে সেই অঞ্চলবোৰৰ পৰা এই বাহিনীসমূহ প্রত্যাহাৰ কৰা হ'ব। 

উগ্রপন্থীয়ে প্ৰভাৱিত কৰা মণিপুৰক কিছুসংখ্যক বিশেষভাৱে সুৰক্ষিত বাহনৰ যোগান ধৰা হৈছে। ৰাজ্যখনত ইতিমধ্যে 'মাইন প্রটেক্টেড' গাড়ীৰ প্ৰথমটো খেপ উপস্থিত হৈছে। স্পৰ্শকাতৰ অঞ্চলবোৰত ইয়াৰ ব্যৱহাৰ কৰা হ'ব। বাতৰিটোত লগতে কোৱা হৈছে যে বর্তমান উত্তৰ-পূৰ্বাঞ্চলত ১৬টা উগ্রপন্থী সংগঠন সক্রিয় হৈ আছে। ইয়াৰে ৮টা যোৱা তিনি বছৰে গোষ্ঠীগত সংঘৰ্ষত জৰ্জৰিত মণিপুৰত সক্ৰিয় হৈ আছে। ৰাজ্যখনত গোষ্ঠীগত হিংসাত এই উগ্রপন্থী সংগঠনসমূহৰো হাত আছে। 

আনহাতে, অসমত তিনিটা, মেঘালয় আৰু ত্ৰিপুৰাত দুটাকৈ আৰু নগালেণ্ডত এটা উগ্রপন্থী সংগঠন হিংসাত্মক কার্যত জড়িত হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলক উগ্রপন্থী মুক্ত কৰাৰ এই অভিযানৰ আৰম্ভণি মণিপুৰৰ পৰাই কৰা হ'ব। উত্তৰ-পূৰ্বাঞ্চলত উগ্রপন্থীয়ে সংঘটিত কৰা প্ৰায় ৭৭% ঘটনা মণিপুৰৰ।

Share This