ডিজিটেল ডেস্ক : কংক্রিটৰ মহানগৰীত শান্ত, সেউজীয়া আৰু প্ৰশান্তিৰ পৰিৱেশ দিয়াৰ বাবে নির্মাণ কৰা উদ্যানসমূহৰ অস্বাভাৱিক প্ৰৱেশ মাচুল বৃদ্ধিৰে এইবাৰ ৰাইজৰ মূৰত মাধমাৰ শোধাবলৈ প্রস্তুত হৈছে প্রশাসন। আনকি যিসমূহ উদ্যানত প্ৰৱেশ কৰাৰ বাবে ইমানদিনে কোনো মাচুল ভৰিবলগীয়া হোৱা নাছিল, এতিয়া তাতো মাচুল ভৰিহে প্ৰৱেশ কৰিব লাগিব।
অহা ৫ জুলাইৰ পৰা গুৱাহাটীৰ সকলো উদ্যানতে প্ৰৱেশ মাচুল বাধ্যতামূলক কৰাৰ লগতে উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি প্ৰৱেশ মাচুল বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে শিশু উদ্যান বা অন্য উদ্যান পৰিচালনাৰ ক্ষেত্ৰত ব্যয় হোৱা ধন দৰ্শনাৰ্থীৰ পৰা সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে (জি এম ডি এ)। আনকি এতিয়ালৈকে যিবোৰ উদ্যানৰ প্ৰৱেশ মূল্য নাছিল, তাতো অহা ৫ জুলাইৰ পৰা প্ৰৱেশ মাচুল দিহে দর্শনার্থী প্ৰৱেশ কৰিব লাগিব।
জি এম ডি এৰ সিদ্ধান্ত অনুসৰি সুবিধা, পৰিৱেশ আৰু অন্যান্য দিশৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান অনুসৰি বেলেগ বেলেগ প্ৰৱেশ মাচুল নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে জি এম ডি এই প্ৰৱেশ মাচুলৰ তালিকা ৰাজহুৱা কৰিছে। সেই অনুসৰি গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত অত্যাধুনিক তথা আন্তঃৰাষ্ট্ৰীয় মানৰ 'সতী ৰাধিকা শান্তি উদ্যান'ত প্রাপ্তবয়স্ক লোকৰ প্ৰৱেশ মাচুল ৬০ টকাকৈ ধাৰ্য কৰা হৈছে। একেদৰে 'যোৰপুখুৰী পার্ক'ৰ প্ৰৱেশ মাচুল ২০ টকা, 'গান্ধী মণ্ডপ'ৰ প্ৰৱেশ মাচুল ২০ টকা, 'অমৃত উদ্যান'ৰ প্ৰৱেশ মাচুল ৩০ টকা, 'অটল উদ্যান'ৰ প্ৰৱেশ মাচুল ৩০ টকা, 'শ্রদ্ধাঞ্জলি কানন'ৰ প্ৰৱেশ মাচুল ৩০ টকা, 'নেহৰু পাৰ্ক'ৰ প্ৰৱেশ মাচুল ৫০ টকা, 'ব'টানিকেল গার্ডেন'ৰ প্ৰৱেশ মাচুল ৬০ টকা, 'ব্রহ্মপুত্র ৰিভাৰ ফ্ৰণ্ট'ৰ প্ৰৱেশ মাচুল ৬০ টকা, 'ৰিভাৰ হেৰিটেজ চেণ্টাৰ'ৰ প্ৰৱেশ মাচুল ১৫০ টকা, গুৱাহাটীৰ ৰ'পৱে'ৰ মাচুল ২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে ৰ'পৱে'ত অহা আৰু যোৱা দুয়োটা টিকট একেলগে কাটিলে ১০০ টকা ৰেহাই দি ৪০০ টকা ধাৰ্য কৰা হৈছে।
উল্লেখযোগ্য যে মহানগৰবাসীৰ অৱসৰ বিনোদনৰ বাবে অসম চৰকাৰে নতুনকৈ কেইবাখনো উদ্যান মুকলি কৰিছে। নতুন উদ্যানসমূহৰ লগতে পূৰ্বৰ উদ্যানসমূহো আধুনিকীকৰণ, পৰিষ্কাৰ কৰি ৰখা আৰু উন্নত জনসেৱা নিশ্চিত কৰিবলৈ এই মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি জি এম ডি এই দাবী কৰিছে।