ডিজিটেল ডেস্ক : এতিয়াৰ পৰা কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ (ই পি এফ অ') একাউণ্টৰ পৰা সম্পূর্ণ ধন উলিয়াব পৰা যাব। অৱশ্যে একাউণ্টত ন্যূনতম ২৫% জমা ধন ৰখাটো বাধ্যতামূলক হ'ব। ই পি এফ অ'ৰ অলপতে অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্রীয় শ্রম মন্ত্রী মনসুখ মণ্ডাভিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ই পি এফ অ'ৰ পৰা জমা ধন উলিওৱাটো সহজ হৈ পৰে। ই পি এফ অ'ৰ ১৩টা পুৰণি নিয়মৰ স্থানত এতিয়াৰ পৰা তিনিটা কাৰণত অৰ্থাৎ জৰুৰী প্রয়োজন (বেমাৰ, শিক্ষা, বিয়া), ঘৰ নিৰ্মাণৰ সৈতে জড়িত প্রয়োজনীয়তা আৰু বিশেষ পৰিস্থিতিত হোৱা প্ৰয়োজনীয়তাত ধন আগতীয়াকৈ উলিয়াব পৰা যাব।
এতিয়াৰ পৰা শিক্ষাৰ ক্ষেত্ৰত ১০ বাৰ আৰু বিয়াৰ ক্ষেত্ৰত ৫ বাৰলৈকে একাউণ্টৰ পৰা ধন উলিয়াব পৰা যাব। ইয়াৰ ধন উলিওৱাৰ বাবে সেৱাৰ ন্যূনতম সময় সীমা ১২ মাহলৈ হ্রাস কৰা হৈছে। বিশেষ পৰিস্থিতিত ই পি এফ অ'ৰ সদস্যই কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ ধন উলিয়াব পৰা যাব। নতুন নিয়মৰ অধীনত কোনোধৰণৰ নথি-পত্র জমা নিদিয়াকৈ ধন উলিয়াব পৰা যাব। ই পি এফ অ'ই লোৱা সিদ্ধান্ত অনুসৰি ইয়াৰ সদস্যসকলে তেওঁলোকৰ একাউণ্টত ন্যূনতম ২৫% জমা ধন ৰাখিব লাগিব আৰু বাকী ৭৫% সম্পূর্ণরূপে উলিয়াব পাৰিব। ইয়াৰ লগতে জমা ধনত ৮.২৫% সুত আৰু চক্রবৃদ্ধি সুত অব্যাহত থাকিব। ইফালে ই পি এফ অ'ই ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংকৰ সৈতে মিলি এক নতুন সুবিধা আৰম্ভ কৰিছে।
ইয়াৰ অধীনত ই পি এছ ৯৫ পেঞ্চনাৰসকলে ঘৰৰ পৰাই ডিজিটেল লাইফ চার্টিফিকেট জমা কৰিব পাৰিব। এই সুবিধা সম্পূর্ণৰূপে বিনামূলীয়া হ'ব আৰু ইয়াৰ বাবে হোৱা ব্যয় ই পি এফ অ'ই বহন কৰিব। ইয়াৰ জৰিয়তে গ্রামাঞ্চলৰ পেঞ্চনাৰসকল উপকৃত হ'ব। ইফালে ই পি এফৰ বৰঙনি পলমকৈ জমা দিয়াৰ বাবত পৰিশোধ কৰিবলগীয়া বৃহৎ পৰিমাণৰ জৰিমনাৰ বোজা হ্রাস কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে। ইয়াৰ বাবে ই পি এফ অ'ই 'বিশ্বাস যোজনা' আৰম্ভ কৰিছে।