ডিজিটেল ডেস্ক: বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিয়া আৰু ইয়াৰ প্রতিৱেশী অঞ্চলসমূহত বৰ্তমান ভূ-মাফিয়াৰ দপদপনিয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বৰপেটাৰোড বন উপ-সংমণ্ডল আৰু বৰপেটা খণ্ড বন বিভাগৰ চকুৰ সন্মুখতে দিনে-নিশাই চলিছে নদীৰ বুকু উদং কৰাৰ এক বৃহৎ ক'লা কাৰবাৰ।
জে চি বি, এস্কেভেটৰ আৰু শ শ ডাম্পাৰ-ট্ৰেক্টৰৰ শব্দত এতিয়া কঁপি উঠিছে নদীপৰীয়া ৰাইজৰ টোপনি। প্রাপ্ত তথ্য আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোৰ প্ৰাণস্বৰূপ ব্ৰহ্মপুত্ৰ, বেঁকী, ভেলেঙী আৰু চাউলখোৱা নদীৰ বুকুৰ পৰা অবাধে চলিছে অবৈধ বালি আৰু মাটি খনন। বিশেষকৈ আগমন্দিয়াৰ ভেলেঙী নদী, ছনপুৰা আৰু কাদঙৰ বেঁকী নদী, ভেৰাগাঁও, কান্দাপাৰা আৰু গুৰালা মিলন বজাৰ সংলগ্ন চাউলখোৱা নদী, মন্দিয়া বৰদলনি, দিঘীৰ পাম, পাম দংৰা, দংৰা আদি অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ ঘনফুট বালি আৰু মাটি অবৈধভাৱে সৰবৰাহ কৰা হৈছে। যাৰ ফলত নদীৰ স্বাভাৱিক গতিপথ সলনি হোৱাৰ লগতে পৰিৱেশতন্ত্ৰৰ মাৰাত্মক ক্ষতিসাধন হৈছে।
আটাইতকৈ আচৰিত কথাটো হ'ল যে এই সমগ্ৰ কাৰবাৰটো বৰপেটা খণ্ড বন বিভাগৰ নাকৰ তলতে চলি আছে যদিও বিভাগে কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই। সচেতন ৰাইজৰ অভিযোগ যে একাংশ দুর্নীতিগ্রস্ত চৰকাৰী বিষয়াক 'মেনেজ' কৰিয়েই ভূ-মাফিয়াই এই দুঃসাহস গোটাইছে। আনকি আৰক্ষীৰ সৈতেও একাংশ মাফিয়াৰ গোপন মিতিৰালি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। এই ধ্বংসলীলাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৰ কেন্দ্রীয় সাংগঠনিক সাধাৰণ সম্পাদক আলামিন হকে সংবাদ মাধ্যমৰ আগত ক্ষোভপ্ৰকাশ কৰি কয়, 'প্রশাসনৰ চকুৰ সন্মুখতে নদীৰ বুকু উদং কৰা হৈছে। যদি এই অবৈধ খনন অতিশীঘ্ৰে বন্ধ কৰা নহয়, তেন্তে আগন্তুক বাৰিষা কালত এই অঞ্চলসমূহত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি হ'ব আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমি তথা জনবসতি নদীৰ বুকুত জাহ যাব।
উল্লেখযোগ্য যে এই বিষয়টো সন্দর্ভত অঞ্চলটোৰ তিনিগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা-বিধায়ক ৰফিকুল ইছলাম, বিধায়ক শ্বেৰমান আলী আহমেদ আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকে সন্মিলিতভাৱে জিলা আয়ুক্তক লিখিত আবেদন জনাইছিল। কিন্তু দুর্ভাগ্যজনকভাৱে, জনপ্রতিনিধিৰ এই পদক্ষেপৰ পাছতো জিলা প্রশাসন বা বন বিভাগে আজিলৈকে কোনো দৃশ্যমান পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। বর্তমান মন্দিয়াৰ সচেতন মহলে জিলা প্ৰশাসনৰ কঠোৰ হস্তক্ষেপ দাবী জনাইছে। অন্যথা নদী সুৰক্ষাৰ স্বাৰ্থত ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।