কোন সময়ত ব্যায়াম কৰিলে অধিক লাভ হয়?

Rashmi April 15, 2025

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত মেদবহুলতা সকলোৰে মাজত এক চৰ্চাৰ বিষয় হৈ পৰিছে। বহু লোক এতিয়া সুস্থ জীৱনশৈলীৰ দিশে আগবাঢ়িছে। এক সুস্থ জীৱনশৈলীৰ বাবে সকলোৱে নিজক পৰিচৰ্যা কৰাটো পৰিলক্ষিত হয়। ব্যস্ত জীৱনৰ মাজতো কোনোৱে যদি জিম যায়¸ আন কোনোৱে ঘৰতেই নিজক পৰিচৰ্যা কৰিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত ব্যায়াম বা ৱৰ্কআউট দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। এইসমূহৰ মাজতে বহুলোকৰ মাজত এক প্ৰশ্নৰ উদয় হয় যে আমি ব্যায়াম কোন সময়ত কৰাটো লাভদায়ক। এনেধৰণৰ বিভ্ৰান্ত হয়তো বহুতৰ মাজত সৃষ্টি হয়। জানো আহক কোন সময়ত ব্যায়াম কৰিলে উত্তম।

যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰে তেন্তে ৰাতিপুৱাৰ শুদ্ধ বতাহ আৰু শান্ত পৰিৱেশত ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাকে সতেজ কৰি তোলে। ওজন কমাবলৈও এইটো এটা ভাল সময়। ৰাতিপুৱাৰ ব্যায়ামে টোপনিৰ মান উন্নত কৰে।

সন্ধিয়া ব্যায়াম কৰিলে শৰীৰ অধিক সক্ৰিয় আৰু নমনীয় হৈ থাকে। অধিক লোকে সন্ধিয়া ব্যায়াম কৰে, যাৰ ফলত সমূহীয়া কাৰ্যকলাপ আৰু প্ৰেৰণা লাভ হয়। সন্ধিয়া পেশীৰ শক্তি আৰু কৰ্মক্ষমতা সক্ৰিয় হৈ থাকে যদিও কেতিয়াবা গোটেই দিনটোৰ ভাগৰুৱা হোৱাৰ বাবে ব্যায়াম কৰাত অসুবিধা হ’ব পাৰে। 

সাধাৰণতে ওজন কমোৱাৰ বাবে‌ ৰাতিপুৱা ব্যায়াম কৰিলে অধিক লাভদায়ক হয়। আনহাতে পেশীৰ শক্তি আৰু কৰ্মক্ষমতা সক্ৰিয় হৈ থকাৰ বাবে সন্ধিয়া ব্যায়াম কৰিলে ভাল হয়। কিন্তু ব্যায়াম কৰাৰ সময় নিৰ্ভৰ কৰে কোনো এজন ব্যক্তিৰ প্ৰয়োজনৰ ওপৰত।

Share This