ডিজিটেল ডেস্ক: মুখৰ পিম্পলছ আৰু ব্ৰণৰ সৈতে শৰীৰৰ অংগসমূহৰ লগত সংযোগ থাকে। মুখত পিম্পল আৰু ব্ৰণৰ ৰূপ ব্যক্তিভেদে বেলেগ বেলেগ হয়। কিছুমানৰ কপালত, কিছুমানৰ গালত, কিছুমানৰ নাকৰ ওচৰত আৰু কিছুমানৰ থুতৰিত পিম্পল হয়। কিন্তু আপুনি জানেনে যে মুখৰ বিভিন্ন অংশত পিম্পল হোৱাটো শৰীৰৰ বিভিন্ন অংগৰ বিসংগতিৰ ফলত হয়?
গালত পিম্পল: যদি কোনো ব্যক্তিৰ গালৰ অংশত সঘনাই পিম্পল বা ব্ৰণ হয়, তেন্তে হাওঁফাওঁৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই হ’ব পাৰে।
থুতৰিত পিম্পল: যদি এগৰাকী মহিলাৰ থুতৰিৰ অংশত বেছিকৈ পিম্পল থাকে তেন্তে জৰায়ু অপৰিষ্কাৰ হৈ থকাৰ বাবেই হয়। অৰ্থাৎ স্ত্ৰীৰোগ সমস্যাৰ বাবে থুতৰিত ব্ৰণ দেখা দিয়ে।
নাকত পিম্পল: নাকত পিম্পল হোৱাটোও হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ হ’ব পাৰে।
চকুৰ তলত ফুলা: চকুৰ তলত ফুলা বৃক্কৰ সমস্যাৰ বাবে হয়। বৃক্কই শৰীৰৰ পৰা পেলনীয়া সামগ্ৰী সঠিকভাৱে আঁতৰাই নিদিয়াৰ বাবে হয়। মদ খোৱা বহু লোকৰ প্ৰদাহৰ বাবে চকুৰ তল ফুলি উঠে।
কপালত পিম্পল: যদি কাৰোবাৰ কপালত বাৰে বাৰে পিম্পল হয় তেন্তে ই যকৃতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে, কিয়নো কপালৰ অংশ যকৃতৰ সৈতে সংযুক্ত।
গালৰ হনুৰ অংশত পিম্পল: যদি কোনোবাই ব্লাছ লগোৱা ঠাইত পিম্পল হয়, তেন্তে ই পেটৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। পেট পৰিষ্কাৰ নহ’লে গালত পিম্পল দেখা দিয়ে।
উৎস: প্ৰাগ নিউজ ডিজিটেল