মুঠি মুঠি ৰঙ লৈ ফাগুন আহিছে 

Kakali Deka February 14, 2025

ডিজিটেল ডেস্কঃ আজি পহিলা ফাগুন। কুৱলীৰ আৱৰণ আঁতৰাই  ধৰালৈ নামিল মন  মতলীয়া কৰা প্ৰকৃতিৰ অনন্য ৰূপ ফাগুন।

এই ফাগুনতেই প্ৰকৃতিৰ গছ-বিৰিখে পাত সলাই ন-কুঁহিপাত মেলে। প্ৰাণ পাই উঠিছে পলাশ, শিমলু, মদাৰে। ন-ফুলৰ সুবাসে শোভা বঢ়াইছে চৌদিশ। ফাগুনক লৈয়ে বহু কবিৰ কলমত নিগৰিছে কবিতা। ফাগুনেই হʼল গীত সৃষ্টিৰ প্ৰেৰণা গীতিকাৰ, সুৰকাৰৰ।

ফাগুন মানেই উন্মনা মন, ফাগুন মানেই বাউলী এজাক বতাহ। ফাগুনৰ মলয়াই চুই যায় সকলোকে। এই ফাগুনেই বতৰা দিয়ে চেনেহৰ বহাগৰ।

ফাগুনৰ আগমনে মনবোৰ কৰি তুলিছে উতনুৱা। ফাগুন মানেই যেন ৰং। ফাগুন মানে ৰঙেৰে ৰঙীন হোৱা এটা মাহ । মদাৰ, পলাশ, শিমলুৱে কঢ়িয়াই আনিছে প্ৰেমৰ খবৰ। ধূলিয়ৰি বাটে ফাগুন অহাৰ খবৰ আনিছে। এয়া পদূলিত হেঁপাহৰ ফাগুন

Share This