ডিজিটেল ডেস্ক : মানুহৰ জীৱন আৰু স্বাস্থ্যক লৈ দীর্ঘদিন ধৰি হেতালি খেলি অহা এক মাৰাত্মক ক'লা সাম্ৰাজ্যৰ বিৰুদ্ধে অৱশেষত প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰে। কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ৩নং দক্ষিণ ৰাঙাপানী গাঁৱত চৰকাৰী অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে বিভিন্ন জটিল ৰোগৰ ভুৱা ঔষধ প্রস্তুত কৰা কাৰখানা প্রশাসনৰ ছীল কৰাৰ লগতে দুজন ব্যক্তিক আটক কৰে। কামৰূপ জিলাৰ ড্ৰাগছ ইন্সপেক্টৰ আৰু আৰক্ষীৰ এটা বিশাল দলে কালি যুটীয়াভাৱে ভুৱা ঔষধ প্ৰস্তুত কৰা কাৰখানাৰ বিৰুদ্ধে এক অভিযান চলায়।
উচ্চপদস্থ আৰক্ষী বিষয়াৰ সৈতে ড্ৰাগছ ইন্সপেক্টৰৰ যুটীয়া অভিযান ৩নং দক্ষিণ ৰাঙাপানী অঞ্চলৰ এটা গুদাম সদৃশ ঘৰত অতি গোপনে মানুহৰ স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক ভুৱা ঔষধ প্রস্তুত কৰি সমগ্ৰ অসমতে সৰবৰাহ কৰি থকাৰ এক খবৰ প্ৰশাসনৰ হাতলৈ আহিছিল। এই গোপন খবৰৰ ভিত্তিত বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ নেতৃত্বত এক বৃহৎ দলে অভিযান চলায়। এই অভিযানত কামৰূপ জিলাৰ ড্ৰাগছ ইন্সপেক্টৰৰ লগতে সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি মুদৈ, ছমৰীয়া পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল দাস আৰু মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতির্ময় দাস সঁজাতী দলবলসহ উপস্থিত থাকে। আৰক্ষীৰ বিশাল বাহিনীয়ে সমগ্র অঞ্চলটো ঘেৰি ধৰি চলোৱা এই অতর্কিত অভিযানে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে। এই সমগ্র অবৈধ ঔষধৰ ক'লা বেহাটোৰ মূল মাষ্টাৰমাইণ্ড তথা স্বত্বাধিকাৰী হৈছে জাহিদুল হক তালুকদাৰ। জাহিদুলে কোনোধৰণৰ বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ কেৱল নিজৰ অতিৰিক্ত মুনাফাৰ বাবে বিষাক্ত ৰাসায়নিক দ্রব্য মিশ্রণ কৰি ভুৱা এলোপেথিক আৰু আয়ুর্বেদিক ঔষধ প্ৰস্তুত কৰি বজাৰত মেলি দিছিল। এই চোৰাং ব্যৱসায়ৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে জাহিদুল হক তালুকদাৰে কোটি কোটি টকা উপাৰ্জন কৰি অঞ্চলটোত সম্পত্তিৰ পাহাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
আজিলৈকে আইনৰ চকুৰ পৰা সাৰি থকা এই চক্ৰটোৰ বিৰুদ্ধে চলা এই অভিযানত আৰক্ষীয়ে অৱশেষত এক ডাঙৰ সফলতা অর্জন কৰে। অভিযানকাৰী দলে কাৰখানাটোৰ ভিতৰৰ পৰা মূল অভিযুক্ত জাহিদুল হক তালুকদাৰৰ লগতে তেওঁৰ সোঁহাতস্বৰূপ তথা এই ক'লা কাৰবাৰৰ অন্যতম সহযোগী মকিবুৰ ৰহমান তালুকদাৰক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। প্ৰশাসনৰ দলটোৱে ভুৱা ঔষধ প্রস্তুত কৰা কাৰখানাটো ছীল-মোহৰ কৰাৰ লগতে তাত থকা বুজন পৰিমাণৰ কেঁচা সামগ্ৰী, বিভিন্ন নামী-দামী সামগ্রী, মেচিন আৰু লাখ লাখ টকাৰ তৈয়াৰী ঔষধ জব্দ কৰে।
বৰ্তমান জাহিদুল হক তালুকদাৰ আৰু মকিবুৰ ৰহমান তালুকদাৰক আৰক্ষীয়ে জিম্মাত লৈ এই চক্ৰটোৰ সৈতে ৰাজ্যৰ আৰু কোন কোন ঔষধ মাফিয়া জড়িত আছে, সেই সন্দর্ভত তীব্র সোধা-পোছা অব্যাহত ৰাখিছে। মানুহৰ জীৱন ৰক্ষা কৰা ঔষধৰ নামত বিষ বিয়পোৱা এই কুখ্যাত চক্ৰটোৰ বিৰুদ্ধে প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া হ'ব লক্ষণীয় ।