পঁইতা ভাত খালে কি হয় জানো আহক

Kakali Deka June 20, 2025

ডিজিটেল ডেস্কঃ সাধাৰণতে পঁইতা ভাত মানুহে গৰমৰ দিনত খায় । পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে।

পঁইতা ভাত বনাওঁতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘন্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে। টেঙা হোৱা পঁইতা ভাত স্বাস্থ্যৰ পক্ষে হানিকাৰকো হ’ব পাৰে।


১. ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।

২.. পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে।


৩. উখুৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন ‘বি-১২’ৰ দ্বাৰা শৰীৰ মজবুত হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়।


৪. এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।


৫. এই ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি বৃদ্ধি নহয়। পঁইতা ভাতত চৰ্বিৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।


৬. এই ভাত খালে পেট খোলোছা হোৱাৰ লগতে পেটৰ নানান সমস্যা দূৰ হয়।

Share This