প্ৰধানমন্ত্ৰীৰ 'সূৰ্য ঘৰ'ত পঞ্চম, মুখস্থানত অসমৰ

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত হৈছে অসম। সেউজ শক্তিৰ দিশত সবল খোজ দি অসমৰ ১৭.৬ শতাংশ ঘৰৰ ছাদত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাই এতিয়া লাভ কৰিছে শূন্য বিদ্যুৎ বিল। 

কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এই সুখবৰটো ৰাজহুৱা কৰি কয়, 'অতি ভাল লগা খবৰ যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ ৫ ৰাজ্যৰ মাজত স্থান দিছে। অসমৰ ১৭.৬ শতাংশ ছাদত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাই এতিয়া লাভ কৰিছে শূন্য বিদ্যুৎ বিল। নিশ্চয়কৈ সেউজ শক্তিৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।' 

উল্লেখযোগ্য যে 'প্রধানমন্ত্রী সৌৰ ঘৰঃ বিনামূলীয়া বিজুলী যোজনা' শীর্ষক আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত প্রথম স্থানত আছে গুজৰাট। ৰাজ্যখনত এতিয়ালৈকে ৪০ শতাংশ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন কৰা হৈছে। এই তালিকাৰ দ্বিতীয় স্থানত থকা মহাৰাষ্ট্ৰত প্রায় ২৩ শতাংশ ছাদত, তৃতীয় স্থানত থকা উত্তৰ প্ৰদেশৰ প্ৰায় ২০ শতাংশ ছাদত সৌৰ বিদ্যুৎ উৎপাদনৰ প্ৰণালী স্থাপন কৰা হৈছে। আনহাতে দেশৰ ভিতৰতে এই ক্ষেত্ৰত অসমে চতুর্থ স্থান লাভ কৰাৰ বিপৰীতে পঞ্চম স্থানত আছে কেৰালা। 

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিজুলী যোজনা হৈছে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। ইয়াৰ জৰিয়তে সাধাৰণ পৰিয়ালে ঘৰৰ ছাদত সৌৰশক্তি (ৰূফটপ ছ'লাৰ) বহুৱাই মাহে ৩০০ ইউনিট পর্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব পাৰে। ইয়াৰ বাবে চৰকাৰে গ্ৰাহকক বৃহৎ পৰিমাণৰ আর্থিক সাহায্য বা ছাবছিডি প্ৰদান কৰে।

Share This