প্রবীণ চলচ্চিত্র নির্মাতা হেমচন্দ্র বৰালৈ অসম নাট্য সম্মিলন বঁটা

dainik janambhumi December 22, 2025

ডিজিটেল ডেস্ক: অসম নাট্য সম্মিলনে ৬৪ সংখ্যক কলিয়াবৰ দ্বি-বার্ষিক অধিৱেশনত প্রদান কৰিবলগীয়া বঁটাসমূহ কালি ঘোষণা কৰা হৈছে। নাট্য সম্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৮, ১৯, ২০, ২১ আৰু ২২ জানুৱাৰী ২০২৬-ত কলিয়াবৰত অনুষ্ঠিত হ'ব লগা অধিৱেশনত প্রদান কৰিবলগীয়া বঁটাসমূহ কালি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত ঘোষণা কৰে প্ৰধান সম্পাদক সন্তৰাম দাসে। 

তেওঁ সংবাদমেলত কয় যে এইবাৰ সদ্যপ্রয়াত নাজিম আহমেদৰ সোঁৱৰণত নাট্য সংগঠকৰ এটা নতুন বঁটা ঘোষণা কৰা হৈছে। অসম নাট্য সম্মিলনৰ সর্বোচ্চ বঁটা অসম নাট্য সম্মিলন বঁটা প্রদান কৰা হ'ব বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, বোলছবি নির্মাতা হেমচন্দ্র বৰাক। বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা, নাট্য সংগঠক নেশ্যনেল ফেল'শ্বিপ প্রাপক সপোনটি বৰদলৈক। সত্য প্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰক। 

জি এল আগৰৱালা কলাকাৰ বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট শিল্পী, ক'লা নির্দেশক নুৰুদ্দিন আহমেদক। লগতে নাজিম আহমেদ নাট্য সংগঠক বঁটা প্ৰদান কৰা হ'ব অসম নাট্য সম্মিলনৰ নাট্যকর্মী, আজীৱন সদস্য, নাট্য সতীর্থ বসন্ত বর্মনক। অসম নাট্য সম্মিলনৰ কলিয়াবৰ অধিৱেশনতে ৰবিজিতা গগৈ, হেমচন্দ্ৰ বৰুৱা, প্ৰতিম গগৈ, ধনীৰাম টিচু, বশিষ্ঠ ডেকা আৰু অবিনাশ নাথক কেন্দ্রীয়ভাৱে সম্বর্ধনা জনোৱা হ'ব। কালিৰ সংবাদমেলত অসম নাট্য সম্মিলনৰ উপ-সভাপতি জয়ন্ত হাজৰিকাও উপস্থিত থাকে।

Share This