দৈনিক সম্পন্ন হ'ব জুবিনৰ মৃত্যুৰ গোচৰৰ শুনানি, অৱশেষত গঠন ফাষ্ট ট্রেক আদালত

dainik janambhumi March 20, 2026

ডিজিটেল ডেস্ক: দীর্ঘ অপেক্ষাৰ অন্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ চলোৱাৰ বাবে গঠন কৰা হ'ল ফাষ্টট্রেক আদালত। এতিয়াৰ পৰা ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া প্রতিদিনে চলিব। 

আনহাতে গোচৰ দীঘলীয়া কৰিব খোজা শ্যামকানু মহন্তৰ অধিবক্তাক কালি সত্র ন্যায়াধীশে ধমক লগায়। ইফালে আদালতে কালিৰে পৰা অভিযুক্তৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব (চার্জ ফ্রেম) সেই প্রক্রিয়া আৰম্ভ কৰে। 

উল্লেখযোগ্য যে অসমীয়াৰ হার্টথ্রব জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ কালি ছমাহ সম্পূর্ণ হ'ল। বিগত বৰ্ষৰ কালিৰ দিনটোতে ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত প্ৰাণৰ শিল্পীজনৰ সলিল সমাধি ঘটিছিল। ১৭জনকৈ লোকৰ মাজত থকাৰ পাছতো শিল্পীজন সাগৰত ডুব যোৱা ঘটনাই ৰাজ্যত তোলপাৰ লগাইছিল। ৰাজ্যবাসীৰ দাবীত অসম চৰকাৰে এছ আই টি গঠন কৰাৰ লগতে ন্যায়িক আয়োগো গঠন কৰিছিল ঘটনাৰ তদন্ত কৰিবৰ বাবে। এছ আই টিয়ে ইতিমধ্যে আদালতত কেইবাহাজাৰ পৃষ্ঠাৰ বিশাল অভিযোগনামা দাখিল কৰিছিল। এই গোচৰৰ শুনানি চলি আছিল যদিও দীর্ঘদিন ধৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালে ফাষ্টট্রেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবী কৰি আহিছিল। অৱশেষত কালি জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ বাবে গঠন হ'ল বিশেষ ফাষ্টট্রেক আদালত। 

বাক্সাৰ জিলা ন্যায়াধীশ শর্মিলা ভূঞাৰ তত্ত্বাৱধানত এই আদালতত এতিয়াৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ গোচৰৰ শুনানি চলিব। কেইদিনমান পূর্বে কেবিনেট সিদ্ধান্ত গ্রহণ কৰি অসম চৰকাৰে কালি এয়া কাৰ্যকৰী হোৱাৰ কথা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰে। 

অসম চৰকাৰে জনোৱা আৱেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্টট্রেক আদালত গঠন কৰে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে 'আজিৰ দিনটো আমাৰ প্রিয় জুবিন গাৰ্গ হত্যাকাণ্ডৰ ঘটনাৰ ন্যায়ৰ বাবে আমাৰ সাৰ্বজনীন অনুসন্ধানত এটা গুরুত্বপূর্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ফাষ্টট্রেক আদালত গঠন কৰাৰ কথা ঘোষণা কৰি বৰ্তমান বাক্সা জিলাৰ জিলা ন্যায়াধীশ হিচাপে কৰ্মৰত শর্মিলা ভূঞাক এই আদালতৰ দায়িত্ব অর্পণ কৰে। এতিয়াৰ পৰা এই আদালতত দৈনন্দিন বিচাৰকাৰ্য সম্পাদন কৰা হ'ব। এই পদক্ষেপে বিচাৰ প্ৰক্ৰিয়াক যথেষ্ট দ্রুত কৰিব আৰু সময়মতে ন্যায় নিশ্চিত কৰাৰ বাবে আমাৰ প্রতিশ্রুতিৰ পুনৰ প্ৰতিফলন ঘটায়।' তেওঁ কয় যে আজি পুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এখন পত্র লাভ কৰে য'ত জুবিন গাৰ্গৰ গোচৰৰ ফাষ্টট্রেক আদালত গঠন কৰাৰ কথা অৱগত কৰে। পত্ৰখন যোৱা ১৬ মার্চত তেওঁলৈ প্রেৰণ কৰা হৈছিল। যিগৰাকী জিলা আৰু সত্র ন্যায়াধীশক এই আদালতৰ দায়িত্ব দিছে তেওঁৰ কেৱল এই আদালতৰহে দায়িত্ব থাকিব। আন কোনো আদালতৰ দায়িত্ব তেওঁৰ নাথাকিব। আনহাতে যেতিয়ালৈকে ফাষ্টট্রেক আদালতখন কার্যক্ষম নহয় তেতিয়ালৈকে এতিয়া বিচাৰ চলি থকা সত্ৰ আদালতখনত ফাষ্টট্রেক আদালতৰ আর্হিত দৈনিক শুনানি গ্রহণ কৰি থাকিবলৈয়ো উচ্চ ন্যায়ালয়ে নির্দেশ দিয়া বুলি তেওঁ সদৰী কৰে। 

ইফালে কালি সত্র ন্যায়াধীশৰ আদালতত জুবিন হত্যা গোচৰৰ শুনানি সম্পন্ন হয়। আদালতে অভিযুক্তসকলক কালিৰে পৰা কি কি ধাৰাৰ অধীনত বিচাৰ কৰা হ'ব (চার্জ ফ্রেম কৰা) সেয়া নিশ্চিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। 

উল্লেখযোগ্য যে যোৱা ২২ ডিচেম্বৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা সত্ৰ ন্যায়াধীশৰ আদালতলৈ এই গোচৰটো হস্তান্তৰ কৰা হৈছিল। কালি এই গোচৰৰ ১১ সংখ্যক শুনানি সম্পন্ন হয়। লক্ষণীয়ভাৱে আজিৰ শুনানিৰ সময়তে জুবিন হত্যাৰ মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই গোচৰ প্ৰক্ৰিয়া দীঘলীয়া কৰাৰ চেষ্টা কৰাৰ অভিযোগ কৰি ন্যায়াধীশে অধিবক্তাজনক ধমক লগায়। 

লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শেখৰজ্যোতি গোস্বামী, সম্পকীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গ আৰু দুই ব্যক্তিগত দেহৰক্ষী পবেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ অধিবক্তাই তেওঁলোকৰ বিৰুদ্ধে থকা হত্যাৰ অভিযোগ প্রত্যাহাৰ কৰাৰ বাবে আদালতত আৱেদন কৰে। আজি মূল গোচৰটোৰ লগতে এই আৱেদনৰো শুনানি হ'ব। 

প্রণিধানযোগ্য যে মুখ্য অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই অধিক অতিৰিক্ত তথ্য বিচাৰি আদালতৰ সময় নষ্ট কৰি আহিছিল। কালি আদালতে এই আবেদন খাৰিজ কৰে। লগতে অধিবক্তাজনক আদালতৰ সময় নষ্ট কৰাৰ বাবে ধমক লগায়। 

ইফালে গৰিমা শইকীয়া গার্গেও শ্যামকানু মহন্তৰ অধিবক্তাই আদালতৰ সময় নষ্ট কৰি গোচৰটো অধিক দীঘলীয়া কৰা বুলি অভিযোগ কৰে। তেওঁ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্তসকলে কাৰাগাৰত আৰামত থকাৰ দৰে অনুভৱ কৰিছে বুলি কয়। 
অভিযুক্তকেইজনে কাৰোবাৰ কথাত কাৰাগাৰতে আশ্বস্ত হৈ থকাৰ দৰে অনুভৱ কৰা বুলিও কয়। কেনেকৈ কাৰাগাৰত এইদৰে নিশ্চিন্তে থাকিব পাৰিছে বুলিও প্রশ্ন কৰে। তেওঁ কয় যে, 'অভিযুক্তকেইজনৰ মুখত কোনো চিন্তাৰ বা শংকাৰ চিন নাই। ওলোটাই ন্যায়ৰ বাবে ৰাজ্যবাসী আৰু পৰিয়ালহে শংকিত হৈ থাকিবলগীয়া হৈছে।'

Share This