অসম বিধানসভাত আজি বিত্তমন্ত্রী অজন্তা নেওগৰ লেখানুদান

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক: কালিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশন। এই অধিৱেশনখন হ'ব পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশন। চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনতেই চলিত ২০২৬ বৰ্ষৰ মাৰ্চৰ পৰা জুন মাহলৈ অন্তৱর্তীকালীন সময়ৰ বাবে বাজেট (লেখানুদান' অর্থাৎ Vote On Accounts Budget) দাখিল কৰা হ'ব। 

আজি বিত্ত মন্ত্রী অজন্তা নেওগে এই লেখানুদান সদনত উত্থাপন কৰিব। ইয়াৰ পাছত নতুন চৰকাৰ গঠন হ'লেই পূর্ণাংগ বাজেট দাখিল কৰা হ'ব। 

উল্লেখযোগ্য যে নির্বাচন অনুষ্ঠিত হ'বলগীয়া বর্ষ বা নতুন পূর্ণাংগ বাজেট অনুমোদন নোহোৱা পর্যন্ত অন্তৱর্তীকালীন সময়ৰ বাবে চৰকাৰখনত যাতে বিত্তীয় অচলাৱস্থা সৃষ্টি নহয় তাৰ বাবে লেখানুদান (বাজেট) উত্থাপন কৰা হয়। চাৰিদিনীয়া কাৰ্যসূচী অনুসৰি ৰাজ্যপালৰ ভাষণক লৈ অনাগত দুটা দিনত সদনত আলোচনা হ'ব।

Share This