জনতা ভৱনত জ্যেষ্ঠ বিষয়াৰে বৈঠকত জয়ন্ত মল্লবৰুৱা, প্রতিটো বিভাগক বাজেট দাখিল কৰিবলৈ বিত্ত মন্ত্ৰীৰ নিৰ্দেশ

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : অহা ছয় জুলাইৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দাখিল কৰিবলগীয়া বাজেটক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। নতুনকৈ বিত্ত মন্ত্ৰীৰ দায়িত্ব লাভ কৰা জয়ন্ত মল্লবৰুৱাই প্রতিটো বিভাগকে নিজা নিজা বাজেট দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কালি এই সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয়। 

জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি, প্রধান শিতানসমূহ আৰু ভৱিষ্যৎ ৰূপৰেখা সম্পর্কে অৱগত কৰে। বৈঠকত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বিত্তবিভাগৰ কাৰ্যাৱলীৰ সামগ্রিক বিৱৰণ সংক্ষিপ্ত ৰূপত দাঙি ধৰাৰ লগতে বিশেষভাৱে মনোনিৱেশ কৰিবলগীয়া বিষয়সমূহৰ সন্দৰ্ভত আলোকপাত কৰে। পাছত বিত্ত মন্ত্ৰীগৰাকীয়ে কয়- 'মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী আৰু অসমৰ ৰাইজৰ আকাংক্ষাক প্রাধান্য দি আমি এক ভৱিষ্যমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্য লৈছোঁ, যি অসমৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব।' 

উল্লেখযোগ্য যে এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰখনে বহুকেইখন নতুন আঁচনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ শিক্ষা, পর্যটন আৰু সমাজ কল্যাণ বিভাগৰ সৈতে জড়িত নতুন আঁচনি ঘোষণা কৰাৰ বাবে প্রস্তুতি চলোৱাৰ কথা জানিব পৰা গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো নৱনিযুক্ত বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাক এখন জনমুখী বাজেট প্রস্তুত কৰাত সর্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত প্ৰতিটো বিভাগৰ লগতে অর্থনীতি বিশেষজ্ঞসকলৰ সৈতেও আলোচনা কৰিবলৈ নিৰ্দেশ দিছে। এনে পৰিস্থিতিত অহা জুলাই মাহত প্ৰথমবাৰৰ বাবে বিত্ত মন্ত্ৰী হিচাপে বিধানসভাত জয়ন্ত মল্লবৰুৱাই দাখিল কৰিবলগীয়া বাজেটখনক লৈ এতিয়াৰে পৰাই দিছপুৰত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

Share This