ডিজিটেল ডেস্ক: মর্যাদাপূর্ণ 'ব্রিটিছ একাডেমি অব্ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ' (বাফটা) বঁটাত এইবছৰ জিলিকি উঠিল ভাৰত। মণিপুৰী ভাষাৰ চলচ্চিত্র 'বুং'-এ 'বেষ্ট চিলড্রেন এণ্ড ফেমিলী' শাখাত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰি ইতিহাস ৰচনা কৰে। এই বঁটা লাভ কৰি 'বুং' হৈ পৰে বাফটা বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্র।
আনহাতে, বাফটাত এইবছৰ এই চলচ্চিত্রখনেই আছিল ভাৰতীয় একমাত্র চলচ্চিত্র। এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা লক্ষ্মীপ্রিয়া দেৱীৰ। এইখন হৈছে মণিপুৰী লেখক-চলচ্চিত্র নির্মাতা লক্ষ্মীপ্রিয়া দেৱীৰ পৰিচালনাৰ প্ৰথম কাহিনী-চিত্র (ফিছাৰ ফিল্ম)। বিকেশ ভূটানী, এলেন মেক এলেক্স, ৰীতেশ সিধৱানী আৰু জাত সৌদাগৰৰ সৈতে চিনেমাখন প্রযোজনা কৰিছে ফাৰহান আখতাৰে।
চিনেমাখনত অভিনয় কৰিছে গুগুন কিপগেন আৰু বালা হিজামে।
উল্লেখযোগ্য যে এই বঁটা গ্রহণ কৰিবলৈ ফাৰহান আখতাৰ বঁটা প্রদান অনুষ্ঠানত উপস্থিত আছিল। 'বুং'-ৰ সৈতে উক্ত শাখাৰ প্ৰতিযোগী চলচ্চিত্রকেইখন আছিল 'এক্র", 'লিল' এণ্ড ষ্টিটছ' আৰু 'জুট'পিয়া-২।' 'বুং' নামৰ চলচ্চিত্ৰখনৰ প্রিমিয়াৰ হৈছিল ২০২৪ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত 'ডিস্ক'ভাৰি' শাখাত। তেতিয়াৰ পৰা 'ৱাৰছ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-২০২৪', 'মামি মুম্বাই চলচ্চিত্র মহোৎসৱ ২০২৪', '৫৫ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ' (আই এফ এফ আই) কে ধৰি বিশ্বৰ কেইবাখনো চলচ্চিত্র মহোৎসৱত এই চলচ্চিত্রখন প্রদর্শিত হৈছে।
চলচ্চিত্ৰখন হৈছে মণিপুৰৰ বুং নামৰ এটি ল'ৰাৰ কাহিনী। ল'ৰাটোৱে এটা উপহাৰেৰে মাকক আশ্চর্যান্বিত কৰাৰ পৰিকল্পনা কৰে। সি বিশ্বাস কৰে যে দেউতাকক ঘৰলৈ ওভতাই অনাটোৱে হ'ব মাকৰ বাবে বিশেষ উপহাৰ। দেউতাকৰ বাবে কৰা সন্ধানত ল'ৰাটোৱে আশা নকাৰ এক উপহাৰ পায় আৰু এক নতুন আৰম্ভণিৰ।
উল্লেখযোগ্য যে দেওবাৰে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত হোৱা ৭৯ সংখ্যক বাফটা বঁটা প্রদান অনুষ্ঠানত বলিউডৰ অভিনেত্রী তথা প্রযোজক আলিয়া ভাটেও এটা বঁটা প্ৰদান কৰে। বলিউডৰ হিমেন প্রয়াত ধর্মেন্দ্ৰৰ নাম সোঁৱৰণিৰ শাখাত উল্লেখ কৰা হয়।