স্বাস্থ্য সেৱাত উৎকৰ্ষৰ নতুন মান, উত্তৰ-পূবৰ প্ৰথমটো 'কোৱালিটি কনক্লেভ' সম্পন্ন

dainik janambhumi February 08, 2026

ডিজিটেল ডেস্ক: জি এন আৰ চি হস্পিটেলে কনছর্টিয়াম অব্ এক্রেডিটেড হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যন আৰু এছ'চিয়েশ্যন অব্ হেল্থ কেয়াৰ প্রভাইডাৰ্ছ-ইণ্ডিয়াৰ সহযোগত ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নেফি কনভেনশ্যন চেণ্টাৰত প্ৰথমটো উত্তৰ-পূব কোৱালিটি কনক্লেভৰ সামৰণি পৰে। 

এই অনুষ্ঠানটোৰে স্বাস্থ্যসেৱাৰ মান আৰু ৰোগীৰ সুৰক্ষাৰ দিশত উৎকর্ষ সাধনৰ লক্ষ্যৰে সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্যসেৱা খণ্ডৰ নেতৃবৃন্দ, চিকিৎসক, গুণগত মানৰ বিশেষজ্ঞ আৰু সমাধান প্রদানকাৰীসকলক একেলগ কৰে। দিনজোৰা এই সমাৱেশত উত্তৰ-পূব ভাৰতৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক, চৰকাৰী বিষয়া আৰু প্রতিনিধিসকলে সক্রিয়ভাৱে অংশগ্ৰহণ কৰে। 

অনুষ্ঠানটোত চাৰিটা বিশেষ অধিৱেশন, গুণগত মান উন্নয়ন প্রকল্পৰ উপস্থাপন আৰু এখন কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়, যাৰ মূল লক্ষ্য আছিল স্বাস্থ্যসেৱাৰ ধাৰাবাহিক উন্নতিৰ সংস্কৃতি গঢ়ি তোলা। ভেল'ৰৰ খ্ৰীষ্টান মেডিকেল কলেজৰ কোৱালিটি মেনেজাৰ ড° লাপ্পু যোচেফে মূল ভাষণ দি দিনটোৰ চিন্তাশীল চৰ্চাৰ পাতনি মেলে। 

কনক্লেভত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাত আগ-ভাগ লোৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তি ক্রমে- ড° নবেন্দ্র নাথ দত্ত, ড° হৰ্ষ ভট্টাচার্য, ড° কে পালিন আৰু অধ্যাপক ড° সুভাষ খান্নাক সন্মানিত কৰা হয়। 
অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড° লক্ষ্ণণন এছ এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ড° অশোক কুমাৰ পুৰাণিক, জি এম চি এইচ গুৱাহাটীৰ অধ্যক্ষ ডাঃ এ চি বৈশ্য, এফ এ এম চি এইচ বৰপেটাৰ অধ্যক্ষ ড° ৰমেন তালুকদাৰ আৰু অসম স্বাস্থ্যসেবা সঞ্চালক ড° উমেশ ফাংচো উপস্থিত থাকি স্বাস্থ্যসেৱাৰ গুণগত মান আৰু প্ৰশাসনৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়। জি এন আৰ চি গ্রুপ অব্ হস্পিটেলৰ ডেপুটী মেনেজিং ডিৰেক্টৰ প্ৰিয়ংকা বৰাই কয়, 'উত্তৰ-পূব কোৱালিটি কনক্লেভ আমাৰ স্বাস্থ্যসেৱাৰ উৎকৰ্ষ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। সমগ্ৰ অঞ্চলটোৰ অংশীদাৰসকলক একত্ৰিত কৰি আমি এনে এটা মঞ্চ তৈয়াৰ কৰিছোঁ, যি সহযোগিতা শক্তিশালী কৰিব আৰু গোলকীয় সর্বশ্রেষ্ঠ পদ্ধতিসমূহ গ্রহণত সহায় কৰিব।' 

কাৰিকৰী অধিৱেশনসমূহত ডিজিটেল হস্পিটেলৰ যুগত মানদণ্ড পুনৰ সংজ্ঞায়িত কৰা, চিকিৎসাৰ ব্যয় আৰু মানদণ্ডৰ মাজত ভাৰসাম্য ৰক্ষা কৰা আৰু ৰোগীৰ অভিজ্ঞতাক প্রাধান্য দিয়াৰ দৰে গুৰুত্বপূর্ণ বিষয়ত বিশদ আলোচনা কৰা হয়। কনক্লেভখনত জি এন আৰ চি হস্পিটেলৰ কৰ্প'ৰেট কোৱালিটিৰ মুৰব্বী ডাঃ প্রাঞ্জল তামুলী আৰু কৰ্প'ৰেট কোৱালিটিৰ ছিনিয়ৰ মেনেজাৰ অবিনাশ বর্মনো উপস্থিত থাকে।

Share This