কাজিৰঙাত ডাঙৰ প্ৰজাতিৰ মাটি গাহৰিৰ প্রথম বৈজ্ঞানিক মূল্যায়নৰ প্ৰতিবেদন প্রকাশ

dainik janambhumi June 14, 2026

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাস কৰা বিশ্বজুৰি সংকটাপন্ন গ্ৰেটাৰ হগ বেজাৰ অৰ্থাৎ ডাঙৰ প্ৰজাতিৰ মাটি গাহৰি সম্পৰ্কীয় প্রথম বৈজ্ঞানিক মূল্যায়ন প্রতিবেদন ১২ জুনত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। 

কাজিৰঙা ৰাষ্ট্ৰিয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকে সাংবাদিকক জানিবলৈ দিয়া মতে, অসমীয়াত 'মাটি গাহৰি' নামেৰে জনাজাত এই নিশাচৰ, গাঁত খান্দি বাস কৰা স্তন্যপায়ী প্রাণীটোৱে কাজিৰঙাৰ বিভিন্ন বাসস্থানত সুস্থ আৰু বিস্তৃত জনসংখ্যা বজাই ৰাখিছে বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে। এই গৱেষণা কাজিৰঙাৰ টাইগাৰ চেল, বাইল্ড লাইফ কনজাৰভেশ্যন ট্রাষ্ট আৰু দ্য ফিচিং কেট প্রজেক্টৰ গৱেষক টিয়াছা আধ্যাৰ সহযোগত সম্পন্ন কৰা হয়। 

সৰ্বভাৰতীয় ব্যাঘ্র গণনাৰ বাবে স্থাপন কৰা কেমেৰা-ট্রেপসমূহত সংগৃহীত 'বাইকেচ' (Bycatch) ছবি বিশ্লেষণ কৰি ডাঙৰ প্ৰজাতিৰ মাটি গাহৰিৰ ঘনত্ব আৰু বিস্তৃতি নির্ধাৰণ কৰা হৈছিল। গৱেষণাৰ তথ্য অনুসৰি, প্ৰায় ১,১০০ বর্গ কিল'মিটাৰ এলেকাত অন্ততঃ ৫৫টাতকৈ অধিক ডাঙৰ মাটি গাহৰিৰ উপস্থিতি অনুমান কৰা হৈছে। গৱেষকসকলে এই ফলাফলক এক প্রাথমিক মূল্যায়ন বুলি উল্লেখ কৰি কয় যে অধিক তথ্য আৰু উন্নত বিশ্লেষণৰ জৰিয়তে ভৱিষ্যতে ইয়াক অধিক নিখুঁতভাৱে মূল্যায়ন কৰা হ'ব। 

অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমত এই সাফল্যক আদৰি কয় যে কাজিৰঙাত ডাঙৰ প্ৰজাতিৰ মাটি গাহৰিৰ সুস্থ উপস্থিতিয়ে উদ্যানখনৰ পৰিৱেশ তন্ত্ৰৰ শক্তিশালী অৱস্থাৰ প্ৰমাণ দিছে। তেওঁ উল্লেখ কৰে যে সৰু হওক বা ডাঙৰ-প্ৰতিটো প্রজাতিয়েই জৈৱ বৈচিত্র্য আৰু পৰিৱেশীয় ভাৰসাম্য ৰক্ষাত অপৰিহাৰ্য ভূমিকা পালন কৰে। বিশ্বজুৰি বৰ্তমান মাটি গাহৰিৰ তিনিটা জীৱিত প্রজাতি পোৱা যায়। সেইকেইটা হ'ল ডাঙৰ মাটি গাহৰি, Greater Hog Badger (Arctonyx collaris), উত্তৰাঞ্চলৰ মাটি গাহৰি Northern Hog Badger (Arctonyx albogularis) আৰু সুমাত্রান মাটি গাহৰি Sumatran Hog Badger (Arctonyx hoevenii)। ইয়াৰ ভিতৰত প্ৰথম দুটা প্রজাতি ভাৰতত পোৱা যায়। ডাঙৰ মাটি গাহৰি আকাৰত আটাইতকৈ ডাঙৰ আৰু বাংলাদেশ, উত্তৰ-পূব ভাৰত, ম্যানমাৰ, থাইলেণ্ড, লাওছ, ভিয়েটনাম, কম্বোডিয়া আদি দেশলৈ বিস্তৃত। 

আন্তঃৰাষ্ট্ৰীয় প্রকৃতি সংৰক্ষণ সংঘ (IUCN)-ৰ তথ্য অনুসৰি, বাসস্থান ধ্বংস আৰু অবৈধ চিকাৰৰ ফলত এই প্ৰজাতিৰ সংখ্যা ক্রমাগতভাৱে হ্রাস পাই আছে। সেইবাবে ইয়াক সংকটাপন্ন শ্ৰেণীত অন্তর্ভুক্ত কৰা হৈছে। আনহাতে, ভাৰতৰ বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২ অনুসৰি এই প্ৰজাতিটো সূচী-১ৰ অন্তৰ্গত সর্বোচ্চ আইনী সুৰক্ষা লাভ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ডাঙৰ মাটি গাহৰি কেৱল এটা দুষ্প্রাপ্য স্তন্যপায়ী প্রাণী নহয়। ই এক গুৰুত্বপূৰ্ণ মধ্যম আকাৰৰ মাংসভোজী আৰু গাঁত খন্দা প্রাণী হিচাপে মাটিৰ গুণাগুণ উন্নত কৰা, পুষ্টি চক্ৰ সূচল ৰখা আৰু বনাঞ্চলৰ পৰিৱেশীয় ভাৰসাম্য অটুট ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে। সেয়েহে কাজিৰঙাত এই প্ৰজাতিৰ সংৰক্ষণে সমগ্র উদ্যানখনৰ জৈৱ বৈচিত্র্য সংৰক্ষণত বিশেষ অৰিহণা যোগাব বুলি গৱেষকসকলে মত প্রকাশ কৰিছে। ডাঙৰ মাটি গাহৰিয়ে মাটিত গাঁত খান্দি খাদ্যৰ সন্ধান কৰাৰ জৰিয়তে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ এই খন্দা-খন্দি আচৰণে মাটিৰ বায়ু চলাচল বৃদ্ধি কৰে, পুষ্টি উপাদানৰ পুনৰ বিতৰণ ঘটায় আৰু শুকান পাতৰ পচন-প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে। ফলস্বৰূপে বীজ অংকুৰিত হোৱাত সহায় হয় আৰু বিভিন্ন ক্ষুদ্র অমেৰুদণ্ডী প্রাণী তথা সৰু মেৰুদণ্ডী প্রাণীৰ বাবে উপযুক্ত ক্ষুদ্র বাসস্থান সৃষ্টি হয়। হগ বেজাৰ অৰ্থাৎ ডাঙৰ মাটি গাহৰি চিকাৰৰ প্রতি অতি সংবেদনশীল প্রজাতি। 

দক্ষিণ-পূব এছিয়াৰ বহু অঞ্চলত ইয়াৰ সংখ্যা সাংঘাতিকভাবে হ্রাস পাইছে। বর্তমান ভাৰত আৰু থাইলেণ্ডতেই এই প্ৰজাতিৰ তুলনামূলকভাবে সুস্থ জনসংখ্যা অৱশিষ্ট আছে বুলি ধাৰণা কৰা হয়। সেইবাবে দক্ষিণ এছিয়াত বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত এই প্ৰজাতিৰ সংৰক্ষণ অতি উচ্চ অগ্রাধিকাৰৰ বিষয়। আন্তঃৰাষ্ট্ৰীয় সংৰক্ষণৰ দৃষ্টিৰেও এই অঞ্চলৰ গুৰুত্ব সাধাৰণ বিশ্বব্যাপী বিস্তৃতিৰ মানচিত্র চাই সহজে উপলব্ধি কৰিব নোৱাৰি। কাজিৰঙাত গ্ৰেটাৰ হগ বেজাৰৰ উপস্থিতি আৰু ইয়াৰ ওপৰত সম্পন্ন হোৱা বৈজ্ঞানিক গৱেষণাই এই অঞ্চলটোৰ বিশ্বব্যাপী সংৰক্ষণমূলক গুৰুত্ব স্পষ্টভাবে প্রতিপন্ন কৰিছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই মত প্রকাশ কৰিছে।

Share This