ছমাহলৈ নতুন গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে, ৰাজ্যত 'উমৈহতীয়া দেৱানী সংহিতা' প্ৰৱৰ্তনৰ প্ৰথম পদক্ষেপ

dainik janambhumi May 14, 2026

ডিজিটেল ডেস্ক: নির্বাচনী প্রতিশ্রুতি অনুসৰিয়েই ৰাজ্যৰ বিজেপি চৰকাৰখনে প্রথমখন বিধানসভা অধিৱেশনতে ইউনিফর্ম চিভিল কোড অর্থাৎ উমৈহতীয়া দেৱানী সংহিতা বিধেয়কখন উত্থাপন কৰিব। 

কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। ড° শৰ্মাৰ দ্বিতীয়টো কার্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত নিযুক্তি, অনাগত বিধানসভা অধিবেশন, কনভয়ৰ বাহন হ্রাস আদিকে ধৰি আন বহু কেইটা সিদ্ধান্তও লোৱা হয়। কেবিনেট বৈঠকৰ পাছত অনুষ্ঠিত এখন সংবাদমেলত ড° শর্মাই কয় যে বিজেপিৰ নির্বাচনী ইস্তাহাৰখন (সংকল্প পত্র) চৰকাৰৰ নীতি নির্ধাৰণৰ আধাৰ হিচাপে কালিৰ কেবিনেটে গ্রহণ কৰিছে। সেই অনুসৰি এতিয়াৰে পৰাই ইস্তাহাৰত থকা সকলো প্রতিশ্রুতি পূৰণৰ বাবে কাম কৰা হ'ব। 

আনহাতে নির্বাচনৰ সময়ত আমি অসমত ইউ চি চি (ইউনিফর্ম চিভিল কোড) প্রৱর্তনৰ কথা কৈছিলোঁ বুলি জনাই তেওঁ কয়, 'আজি নতুন অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠকতে ইউ চি চিৰ খচৰাত কেবিনেটে অনুমোদন জনায়। প্রথমখন বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনা অর্থাৎ ২৬ মে'ত ইউ চি চি বিধেয়কখন সদনত উত্থাপন কৰা হ'ব। তেওঁ লগতে কয়, 'ইউ চি চিৰ আওতাৰ পৰা জনজাতীয় লোকসকলক বাহিৰত ৰখা হ'ব। একেদৰে ধর্মীয় পৰম্পৰা আৰু ৰীতি-নীতিকো ইউ চি চিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। পূজা কৰা, নামাজ পড়া, বিবাহ কেনেকৈ হ'ব আদি বিষয় ইউ চি চিত নাহে।' ইউ চি চিত মাত্র চাৰিটা বিষয় আহিব বুলি উল্লেখ কৰি তেওঁ কয়- বিয়াৰ বাবে ন্যূনতম বয়স নির্ধাৰণ হ'ব, বহুবিবাহ নাথাকিব, ছোৱালীয়ে সম্পত্তিৰ অধিকাৰ পাব আৰু লিভ-ইন-ৰিলেশ্যন আদি বিষয় থাকিব ইউ চি চিত। বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক, বিবাহ বিচ্ছেদৰ নিয়ম আদি বিষয়ো ইউ চি চিত থাকিব।' মুখ্যমন্ত্ৰীগৰাকীৰ মতে গোৱা, উত্তৰাখণ্ড, গুজৰাটে ইউ চি চি গৃহীত কৰিছে। আমিও অগ্রাধিকাৰ ভিত্তিত এই বিধেয়কখন গৃহীত কৰিব খুজিছোঁ।

ছমাহলৈ নতুন গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে । প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইন্ধন বচোৱাৰ লগতে ভাৰতৰ বিদেশী মুদ্রা সংবক্ষণ আৰু অপব্যয় ৰোধৰ বাবে আগবঢ়োৱা পৰামর্শ অসম চৰকাৰে সাদৰেৰে গ্ৰহণ কৰিছে। আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত নতুন চৰকাৰৰ প্রথমখন কেবিনেটে প্রধানমন্ত্রীগৰাকীয়ে জনোৱা পৰামর্শ অনুসৰি অনাগত ছয় মাহত ৰাজ্য চৰকাৰখনে কোনো নতুন গাড়ী-মটৰ ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছে। 

নতুন মন্ত্রীসকলকো অহা ছমাহলৈ নতুন গাড়ী দিয়া নহ'ব। পুৰণি বাহনেৰেই তেওঁলোকে কাম চলাব লাগিব। আনহাতে, বৃহস্পতিবাৰৰ পৰা প্রযোজ্য হোৱাকৈ অহা ছমাহ কোনো চৰকাৰী বিষয়া-কর্মচাৰীয়ে চৰকাৰী বা ব্যক্তিগত কাৰণত বিদেশ ভ্রমণ কৰিব নোৱাৰিব। আনকি নিজৰ খৰচতো বিষয়াসকল বিদেশলৈ যাব নোৱাৰিব। অৱশ্যে, চিকিৎসাজনিত কাৰণত বিদেশ ভ্রমণ কৰিব পাৰিব। ছয় মাহৰ পাছতো চৰকাৰী বিদেশ ভ্রমণৰ বাবে মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমোদন লাগিব। 

আনহাতে, ৰাজ্যপালৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্রীকে ধৰি সকলো মন্ত্রী আৰু বিষয়াৰ কনভয়ৰ বাহন হ্রাস কৰা হ'ব। কমেও ছমাহৰ বাবে কনভয়ৰ বাহনৰ সংখ্যা হ্রাস কৰা হ'ব। আনহাতে, চৰকাৰীভাৱে ব্যয় কৰা ইন্ধনৰ পৰিমাণ হ্রাস কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰতকৈ এইবাব পেট্রল আৰু ডিজেলৰ চৰকাৰী খৰচ ২০ শতাংশ কমোৱা হ'ব। ভ্রমণ হ্রাস কৰি আৰু গাড়ী কম ব্যৱহাৰ কৰি ব্যয় কম কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয়, 'অহা ৬ মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্রয় নকৰে। সেয়া ম'বাইলেই হওক বা আন সামগ্রীয়েই হওক যাতে আমি বিদেশী মুদ্রা সঞ্চয় কৰিব পাৰোঁ। অহা ছমাহলৈ ছেমিনাৰ বা কর্মশালা আদিৰ আয়োজন নকৰোঁ যাতে মানুহ আহিবলগীয়া নহয়। অৱশ্যে ভিডিঅ' কনফাৰেঞ্চ তথা অনলাইনত কৰিব পৰা যাব। সেইদৰে চৰকাৰে গাড়ী ভাৰা ল'লে ই ভি (ইলেকট্রিক) বাহন লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। অসমত ১৫-২০ বছৰ পুৰণি যিমান বাহন আছে সেই সকলো বাহন স্ক্ৰেপ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পুনৰ মহাধিবক্তা হিচাপে দেৱজিত শইকীয়াক নিযুক্তি। ৰাজ্য চৰকাৰে পুনৰ অনাগত পাঁচ বছৰৰ বাবে বিশিষ্ট অধিবক্তা দেৱজিত লন শইকীয়াক অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

Share This