শাৰদপন্থী এন চি পিৰ ৫ সাংসদ শীঘ্রেই বিজেপিলৈ! মহাৰাষ্ট্ৰৰ ৰাজনীতিত বিস্ফোৰণৰ আশংকা

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ ২০ সাংসদ, উদ্ধৱপন্থী শিৱ সেনাৰ ৬ সাংসদে নিজ দল ত্যাগ কৰি এন ডি এক সমর্থন দিয়াৰ পাছত এইবাৰ বিদ্ৰোহৰ উকমুকনি উঠিছে শাৰদ পাৱাৰ নেতৃত্বাধীন নেশ্যনেলিষ্ট কংগ্রেছ পার্টিত (এন চি পি)। এইবাৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক পর্যবেক্ষকসকলৰ দৃষ্টি নিৱদ্ধ হৈছে শাৰদপন্থী এন চি পিত। 

শাৰদপন্থী এন চি পিৰ মুঠ আঠগৰাকী লোকসভাৰ সাংসদৰ ভিতৰত ৫গৰাকী সাংসদে বিজেপি নেতৃত্বাধীন এন ডি এ মর্চাত যোগ দিব বুলি ব্যাপক চর্চা আৰম্ভ হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই চৰ্চিত বিষয়ে শাৰাদপন্থী এন চি পিৰ ওপৰত ব্যাপক চাপৰ সৃষ্টি কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অজিত পাৱাৰপন্থী এন চি পিৰ মুৰব্বী সুনেত্রা পাৱাৰে অলপতে সাক্ষাৎ কৰাৰ পাছতেই এই চর্চা সম্ভাৱনালৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সুনেত্রা পাৱাৰৰ এন চি পিৰ বিধায়ক ধৰ্মৰাও আটৰামে যোৱা বৃহস্পতিবাৰে দাবী কৰিছিল যে শাৰদপন্থী এন চি পিৰ ৫ সাংসদে বিজেপিত যোগ দিব। 

সংবিধান সংশোধনৰ বিধেয়কবোৰ গৃহীত কৰিবলৈ এন ডি এক দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা দুয়োখন সদনতে প্রয়োজন। আনহাতে, দলত বিদ্ৰোহৰ আগজাননী পাই যোৱা ১৯ জুনত শাৰদ পাৱাৰে তেওঁৰ দলৰ মূল নেতাসকলৰে জৰুৰী বৈঠকত মিলিত হয়। বৈঠকত দলীয় জ্যেষ্ঠ নেতাসকলক বিদ্রোহী বিধায়ক-সাংসদসকলৰ ওপৰত নজৰ ৰাখিবলৈ পাৱাৰে নিৰ্দেশ দিয়ে।

Share This