বানপানী আৰু অসমৰ কৃষি অৰ্থনীতি 

Digital desk July 16, 2024

ডিজিটেল ডেস্কঃ অসম এখন কৃষি প্রধান ৰাজ্য। সেয়েহে অসমৰ অর্থনীতি বহু পৰিমাণে -কৃষিৰ ওপৰত নির্ভৰশীল। কিন্তু প্রত্যেক বছৰে বাৰিষাৰ সময়ত যি বানপানী হয়, সেই বানপানীয়ে অসমৰ কৃষি ক্ষেত্ৰত বিস্তৰ ক্ষতিসাধন কৰি আহিছে। প্রতি বছৰে মে'ৰ পৰা অক্টোবৰ মাহত হোৱা বৰষুণৰ ফলত বানপানী হয় আৰু এই বানপানীয়ে কৃষকৰ শস্য উৎপাদনৰ লগতে ৰাজ্যখনৰ সামগ্রিক অর্থনৈতিক ব্যবস্থা তথা কৃষকৰ জীৱিকাৰ ওপৰত ব্যাপক প্রত্যাহ্বানৰ সৃষ্টি কৰে।বানপানীৰ ফলত এজন কৃষকে শস্য নষ্ট হোৱাৰ লগতে গৰু, ছাগলী, হাঁহ, কুকুৰা আদি জীব-জন্তুও হেৰুৱাবলগীয়া হয় আৰু বহুতো ঠাইত কৃষকসকল গৃহহৰা হ'ব লগীয়াও হয়।

অসম ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণে (ASDMA) ২০২৩ চনত প্রকাশ কৰা এটা প্রতিবেদনৰ মতে, অসমত মুঠ ২৫ লাখ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰে, য'ত প্রতি বছৰে প্ৰায় ৪ লাখ হেক্টৰ ভূমি ক্ষতিগ্রস্ত হয়। ইয়াৰ ফলত কৃষকসকলে ধান, মাহকে আদি কৰি-বিভিন্ন ধৰণৰ মুখ্য খাদ্য শস্য উৎপাদনত বাধাৰ সন্মুখীন হ'ব লগা হয়। ২০২২ চনত অসমৰ বানপানীৰ সময়ত, মাত্র ধানৰ ক্ষতি ২০০ কোটি টকা মূল্যৰ সমান হৈছিল। কৃষিক্ষেত্রত হোৱা ক্ষয়- ক্ষতিয়ে কৃষকসকলৰ জীৱনশৈলীত বাৰুকৈয়ে প্রভাৱ পেলায়। শস্যৰ উৎপাদন কমি যোৱা আৰু ভূমিৰ উৎপাদনশীলতা ক্ষমতা ক্রমান্বয়ে হ্রাস পোৱাৰ বাবে বহুতো কৃষকে আর্থিক সংকটত ভুগিব লগা হয়। এনে পৰিস্থিতিত কৃষকসকলে প্রায়েই বেংকৰ পৰা ঋণ লোৱা দেখা যায়।

কিন্তু বহু কৃষকে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰি আৰ্থিক অনাটনৰ সন্মুখীন হ'ব লগাত পৰে। অসম কৃষি বিশ্ববিদ্যালয়ে কৰা এক অধ্যয়নত পোৱা গৈছে যে ২০২১ চনত বানপানীৰ ফলত অসমৰ প্রায় ৪০ শতাংশ কৃষকে মুঠ আয়ৰ ৩০ শতাংশ আয় হেৰুৱাব লগীয়া হৈছিল। অসমৰ মুখ্য অর্থনৈতিক খণ্ড হৈছে কৃষি। অর্থনৈতিক সমীক্ষা ২০২২-২০২৩ অনুসৰি ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ (GSDP) প্রায় ২০ শতাংশ কৃষিক্ষেত্ৰৰ পৰা আহে। ২০২২ চনত অসমত হোৱা বানপানীয়ে ৰাজ্যৰ GSDPৰ ২ শতাংশ পর্যন্ত হ্রাস কৰিছে বুলি এই সমীক্ষাই প্ৰকাশ কৰিছে। বানৰ কবলত ক্ষতিগ্রস্ত হোৱা কৃষকসকলৰ জীৱন ধাৰণ প্ৰণালী উন্নত কৰিবলৈ অসম চৰকাৰে সময়ে সময়ে বহুতো পদক্ষেপ গ্রহণ কৰা দেখা গৈছে।

২০২২ চনত অসম চৰকাৰে ৫০০ কোটি টকাৰ পুনৰুদ্ধাৰ নিধি (Recovery fund) ঘোষণা কৰিছিল। এই আঁচনিৰ মূল লক্ষ্য আছিল যে যিসকল কৃষকৰ কৃষিভূমি বানপানীৰ ফলত ক্ষতিগ্রস্ত হৈছিল তেওঁলোকক জৰুৰীকালীন আর্থিক সাহায্য আগবঢ়োৱা লগতে কৃষিৰ স্থিতিশীলতা নিশ্চিত কৰা আৰু কৃষকৰ জীৱিকা সুৰক্ষিত কৰা। তদুপৰি সাম্প্ৰতিক সময়ত অধিক উচ্চতাত শস্যৰ খেতি কৰা, একাধিক শস্যৰ খেতি কৰা, বান প্ৰতিৰোধী বীজ ব্যৱহাৰ কৰা আদি বিভিন্ন ধৰণৰ আধুনিক কৃষি পদ্ধতি কৃষকৰ উপকাৰিতাৰ বাবে উপলব্ধ কৰা হৈছে। কৃষি পদ্ধতি উন্নয়নৰ পৰ্যাপ্ত ব্যৱস্থা আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টা অব্যাহত থাকিলে আৰু আধুনিক কৃষি প্ৰক্ৰিয়াৰ সঠিক ব্যৱহাৰে অসমৰ কৃষি খণ্ডৰ স্থিতিশীলতা সুনিশ্চিত কৰিব পৰা যাব, লগতে অসমত অর্থনীতি খণ্ডও সুৰক্ষিত হৈ থাকিব।

Share This