খাদ্যৰ ভেজালকৰণে বিশ্বত বছৰি প্ৰাণ লয় ১৫ লাখ লোকৰ

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক : ক্ষতিকাৰক বেক্টেৰিয়া (ভেঁকুৰ), ভাইৰাছ, পৰজীৱী আৰু ৰাসায়নিক পদাৰ্থৰে খাদ্য ভেজাল কৰাৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে ১৫ লাখ (১.৫ মিলিয়ন) লোকে প্রাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিশুবোৰ সৰ্বাধিক আক্রান্ত হয়। বিশ্ব স্বাস্থ্য সংস্থাই (ডব্লিউ এইচ অ') বৃহস্পতিবাৰে এই সতর্কবাণী জাৰি কৰে। ২০০০-২০২১ চনৰ ভিতৰত বিশ্বৰ ১৯৪খন দেশজুৰি চলোৱা বিশ্লেষণত ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাটোৱে তথ্য পাইছে যে প্ৰতি বছৰে অসুৰক্ষিত খাদ্য ভক্ষণ কৰাৰ ফলত বিশ্বৰ ৮৮.৬ কোটি (৮৮৬ মিলিয়ন) লোক ৰোগত আক্রান্ত হয়। ইয়াৰ ভিতৰত ৫ বছৰৰ অনূর্ধ্বৰ শিশু প্রায় তিনিগুণ বেছি ৰোগত আক্রান্ত হয়। 

ডব্লিউ এইচ অ'ৰ মুৰব্বী ট্রেড্ৰছ আধানমে কয় যে খাদ্য সুৰক্ষা এটা বিমূর্ত বিষয় নহয়- এই সমস্যাই প্রতি সাঁজ আহাৰ, প্ৰতিটো পৰিয়াল, প্রতিটো দিনত প্ৰভাৱ পেলায়। খাদ্য সম্বন্ধীয় ৰোগত আক্ৰান্ত হোৱা বিশ্বৰ ৰোগীৰ ভিতৰত আফ্রিকা আৰু দক্ষিণ এছিয়াৰ দেশসমূহত সর্বাধিক ৰোগী আছে। আৰু বিশ্বৰ ৬০ শতাংশ মৃত্যু এই দেশবোৰত হয়। 

বেক্টেৰিয়া আৰু ভাইৰাছৰ বাবে অধিকাংশ খাদ্য সংক্রান্তীয় ৰোগ হৈ বিশ্বত জৈৱিক সংকটৰ সৃষ্টি কৰিছে। ঠিক সেইদৰে খাদ্যত ৰাসায়নিক পদাৰ্থ মিহলি কৰাৰ বাবেও অনুৰূপ ধৰণে খাদ্য বিষাক্ত হৈ পৰে। তদুপৰি, খাদ্যৰ পৰা সৃষ্টি হোৱা ৰোগে ২০২১ চনত বিশ্বৰ অৰ্থনীতিত উৎপাদনশীলতাৰ ক্ষেত্ৰত ৬৪৭ মিলিয়ন ডলাৰৰ লোকচান হৈছিল বুলি প্রতিবেদনখনত কোৱা হৈছে।

Share This