বকলীয়াঘাটত বিয়াঘৰৰ খাদ্যত বিষক্ৰিয়া; ৫০জন চিকিৎসাধীন

Rashmi March 23, 2026

ডিজিটেল ডেস্ক: বকলীয়াঘাটত খাদ্যত বিষক্ৰিয়া হৈ ৫০ জন লোক চিকিৎসাধীন। দেওবাৰে বকলীয়াঘাটৰ বাহনী আদৰ্শ গাঁৱত বিয়া খোৱাৰ পিছতেই এই ঘটনা সংঘটিত হয়।

বকলীয়াঘাট সামূহিক চিকিৎসালয়ত ভৰ্তি লোক সকল। গাহৰি মাংস আৰু কচুৰ লগতে অন্যান্য ব্যঞ্জন ভোজন কৰিছিল বিয়াঘৰত।

জ্বৰ, বমি, মূৰৰ বিষ হৈ ৰোগীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

বিষক্ৰিয়াত কেইবাটাও শিশু যন্ত্ৰণাত ছটফটাই থাকে। এই পৰ্যন্ত ৰোগীসকল কিছু পৰিমাণে সুস্থ হোৱা পৰিলক্ষিত হৈছে ৷

বিয়াঘৰৰ খাদ্যত বিষক্ৰিয়া কেনেকৈ হ’বলৈ পালে তাকে লৈ চাঞ্চল্য অব্যাহত আছে।






প্ৰাগ নিউজ ডিজিটেল

Share This