ডিজিটেল ডেস্ক : দেশৰ বিমান পৰিবহণ নিৰাপদ কৰাৰ ক্ষেত্ৰত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডি জি চি এ) এক ঐতিহাসিক সফলতা লাভ কৰিছে। ডি জি চি এৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এখন জেট ইঞ্জিন চালিত বাণিজ্যিক বিমানে থলুৱাভাৱে নির্মিত কৃত্রিম উপগ্রহীয় দিশ নির্ণয় (নেভিগেশ্যন) ব্যৱস্থাৰে বিমান বন্দৰত অৱতৰণ কৰে। এই ব্যৱস্থাৰে উদয়পুৰ বিমান বন্দৰত অৱতৰণ কৰে 'ইণ্ডিগো এয়াৰবাছ ৩২০'-এ।
বিমানখনৰ সুচল অৱতৰণৰ ক্ষেত্ৰত পাইলটে জি পি এছ সহায়ক জিঅ' অ'মেন্টেড নেভিগেশ্যন (গগন) ব্যৱস্থা ব্যৱহাৰ কৰে। এই অনন্য ব্যৱস্থাটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ') আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে যুটীয়াভাৱে প্ৰস্তুত কৰি উলিয়াইছে।