ডিজিটেল ডেস্ক : বন মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যত অধিক সক্রিয় হৈ পৰিছে বন বিভাগৰ বিষয়া-কৰ্মচাৰী। বন মন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্রান্তত চলিছে অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে কঠোৰ অভিযান। ৰাজ্যজুৰি অবৈধভাৱে চলি থকা কাঠ ফলা মিলসমূহৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে কালি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত দুর্গম চৰাঞ্চলতো বন বিভাগৰ এটা বৃহৎ দলে অবৈধভাৱে চলি থকা কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলায়।
জানিব পৰা মতে, বৰপেটা আৰু গোৱালপাৰা জিলা বন বিভাগৰ এটা বৃহৎ দলে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ বিভিন্ন ঠাইত অভিযান চলাই ৭টাকৈ অবৈধ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।
বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া ধর্মেন্দ্ৰ দাসৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত জিলাখনৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰ, আলোপতিচৰ কালাইৰদিয়াত অভিযান চলাই ৭০টাকৈ অবৈধ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰে।