বন ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল, দুর্নীতিমুক্ত কৰাৰ লক্ষ্য, ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বনজ ৰাজহ

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক: অনিয়ম ৰোধ কৰিবলৈ বনজ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নতুনত্ব আনিছে ৰাজ্য চৰকাৰে। এতিয়াৰে পৰাই ৰাজ্যৰ বিভিন্ন ঠাইত সংগ্ৰহ কৰা বনজ ৰাজহ সম্পূর্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্রকাশ কৰি কয় যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। 

ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুর্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইন ব্যৱস্থাৰে সংগ্ৰহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ'ব। এতিয়াৰে পৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্ৰ নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৈধভাৱে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। 

উল্লেখযোগ্য যে খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বুধবাৰে নিশা বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা বৃদ্ধি আৰু ৰাজহৰ ক্ষতি ৰোধৰ বাবে এই ব্যৱস্থা আৰম্ভ কৰিছে বুলি জনায়। তেওঁ কাঠ পৰিবহণৰ নিৰীক্ষণ উন্নত কৰা, অবৈধ কার্যকলাপ ৰোধ কৰা, ৰাজ্যৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে লক্ষ্য নির্ধাৰণ কৰাৰো নিৰ্দেশ দিয়ে। 

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৰুৱাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বন ৰয়েল্টি আৰু জি এছ টি সংগ্ৰহ ঘনিষ্ঠভাৱে জড়িত, যাৰ বাবে দুয়োটা বিভাগৰ মাজত সহযোগিতা অতি প্রয়োজনীয়।

Share This