মণিপুৰত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ,তিনিদিনীয়া ভ্রমণসূচীৰে ইম্ফলত বিজেপিৰ দুই নেতা

dainik janambhumi November 13, 2025

ডিজিটেল ডেস্ক : মণিপুৰত এখন নতুন চৰকাৰ গঠনৰ বাবে বিজেপিয়ে চলোৱা প্ৰক্ৰিয়াৰ অংশ হিচাপে দলটোৰ নেতা বি এল সন্তোষ আৰু সাংসদ সম্বিত পাত্রই তিনিদিনীয়া ভ্রমণসূচীৰে বুধবাৰে ইম্মলত উপস্থিত হয়। 

বিজেপিৰ দলীয় সূত্রই প্রকাশ কৰা মতে, দুয়োজন নেতাই ৰাজ্যখনৰ বিজেপিৰ বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) সন্তোষ আৰু উত্তৰ-পূবৰ সমন্বয়ক পাত্রই কালি ইম্মল বিমান বন্দৰত উপস্থিত হয়। দুয়োজন বিজেপিৰ নেতাই মেইটেই আৰু কুকি জনগোষ্ঠীৰ বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হ'ব। 

মণিপুৰত এখন নতুন চৰকাৰ গঠনৰ প্রক্রিয়া চলাবলৈ দুয়োজন নেতাই ৰাজ্যখনৰ পাহাৰীয়া আৰু উপত্যকাৰ জিলাসমূহৰ বিধায়কসকলৰ মাজত সমন্বয় সাধনৰ প্ৰচেষ্টা চলাব বুলি বিজেপিৰ দলীয় সূত্রই প্রকাশ কৰিছে। তদুপৰি, সন্তোষ আৰু পাত্রই মিত্ৰ দলৰ বিধায়কসকলৰ সৈতেও আলোচনাত বহিব।

Share This