ডিজিটেল ডেস্ক : দুবাৰ নথি-পত্র দাখিল কৰা আৰু সত্যাপন প্রক্রিয়াৰ (ভেৰিফিকেশ্যন) মাজেদি যোৱাৰ পাছতো পশ্চিম বংগত হোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ)-ত কলকাতা উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ চহিদুল্লা মুন্সীক 'নট ফাউণ্ড' (বিচাৰি পোৱা নাই) শ্রেণীত ৰখা হৈছে। মুন্সী আৰু তেওঁৰ পৰিয়ালৰ সদস্যক ভোটাৰ তালিকাৰ প্রথম খচৰাত ৰখা হোৱা নাই।
মুন্সীয়ে এই সন্দর্ভত সংবাদ প্রতিষ্ঠানক কয়, প্রথম এছ আই আৰ অধিসূচনা জাৰি হোৱাৰ পাছত আমি নিজৰ সকলো নথি-পত্র জমা দিলোঁ। মই, মোৰ পত্নী, মোৰ ডাঙৰ ল'ৰা আৰু সৰু ল'ৰাই ভোট গ্রহণ কেন্দ্র পর্যায়ৰ বিষয়াক (বি এল অ') নথি-পত্র জমা দিলোঁ। খচৰা এছ আই আৰত আমাৰ নাম নাহিল। তেতিয়া স্বাভাৱিকভাৱেই আমি চিন্তিত হ'লোঁ। কিন্তু তেতিয়া আমাক কোৱা হ'ল যে আমি সত্যাপনৰ বাবে আগ বাঢ়িব পাৰিম।' তেওঁৰ মতে নির্বাচন আয়োগৰ বিষয়াই নতুনকৈ সত্যাপন কৰা এন্টেলী কার্যালয়লৈ তেওঁক মাতি পঠিওৱা হ'ল। তেতিয়া তেওঁ পুনৰ সকলো নথি-পত্র দাখিল কৰিলে আৰু তেওঁক কোৱা হ'ল যে এতিয়া নাম অন্তর্ভুক্ত হোৱাৰ আশা আছে। কিন্তু যেতিয়া পৰিপূৰক তালিকা প্রকাশ হ'ল, তেওঁৰ নাম পৰিয়ালৰ পৰা পৃথককৈ চিহ্নিত কৰা হ'ল। তেওঁ কয়, 'পৰিপূৰক তালিকাত মোৰ পত্নী আৰু পুত্ৰৰ নাম 'বিচাৰাধীন' বুলি চিহ্নিত হৈ থাকিল আৰু মোৰ নাম 'বিচাৰি পোৱা নাই ৰূপে চিহ্নিত হৈ থাকিল।'
মুন্সীৰ মতে তেওঁৰ নাম কর্তনৰ কোনো কাৰণো তেওঁক জনোৱা হোৱা নাই। আনকি তেওঁক নথি-পত্ৰৰ সন্দর্ভত ৰিচিপ্টো দিয়া হোৱা নাছিল। অৱশ্যে তেওঁ উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ বুলি জনোৱা নাছিল। মুন্সীয়ে আৰু কয় যে গঠন কৰা ১৯ খন আপীলেট ট্রিবিউনেল কেৱল কাগজতহে আছে। এই ট্রিবিউনেলবোৰে কিদৰে কাম-কাজ কৰিব আৰু তেওঁলোকে কি কি কৰিব পাৰিব তাৰ কোনো নির্দেশনা নাই। এতিয়া এই ন্যায়াধীশজন বিবুধিত পৰিছে- তেওঁ কাৰ কাষ চাপিব।