মধ্যপ্রাচ্যৰ হোটেলত আঘাত হনাৰ হুংকাৰ ইৰানৰ

dainik janambhumi March 28, 2026

ডিজিটেল ডেস্ক : মার্কিন সেনাক আশ্রয় দিলেই মধ্যপ্রাচ্যৰ হোটেলসমূহ ইৰানৰ আক্রমণৰ লক্ষ্য হৈ পৰিব। ইৰানৰ সশস্ত্র বাহিনীৰ মুখপাত্র আবোলফজল ছেকাৰ্চিয়ে বৃহস্পতিবাৰে কুৱেইট, ছৌদি আৰব, বাহৰেইন আদি দেশৰ হোটেল কর্তৃপক্ষলৈ এই, ভাবুকিভৰা বার্তা প্রেৰণ কৰে। ছেকাৰ্চিয়ে কয় যে আমেৰিকাৰ সৈনাক ইৰান আক্রমণ কৰিবলৈ দি আমি বহি থাকিম নেকি? নিশ্চয় আমি ইয়াৰ প্রত্যুত্তৰ দিব লাগিব। গতিকে যেতিয়াই আমেৰিকাৰ সৈন্য বাহিনীয়ে কোনো এখন হোটেলত আশ্রয় লয়, আমাৰ দৃষ্টিকোণৰ পৰা সেই হোটেলখন আমেৰিকাৰ হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। গতিকে মার্কিন সেনাই আশ্রয় লোৱা হোটেল ইৰানৰ ক্ষেপণাস্ত্রৰ লক্ষ্য হৈ পৰাটো কোনো আচৰিত কথা নহ'ব বুলিও ছেকাৰ্চিয়ে কয়।

উল্লেখযোগ্য যে মধ্যপ্রাচ্যত থকা মার্কিন সামৰিক ঘাটিসমূহ ইৰানৰ উপর্যুপৰি ক্ষেপণাস্ত্ৰ আৰু ড্র'ন আক্রমণত বিধ্বস্ত হৈ পৰিছে। এই ঘাটি নিৰাপদ আৰু বাসোপযোগী হৈ নথকাত তাত থকা মার্কিন সেনাই নির্দিষ্ট ব্যস্তুসমূহৰ হোটেল, ভাৰাঘৰ, বিভিন্ন কার্যালয় চৌহদত আশ্রয় গ্রহণ কৰিছে।

ইফালে ইৰানৰ বিদেশ মন্ত্রী আব্বাছ আৰাঘাচিয়ে বৃহস্পতিবাৰে অভিযোগ কৰে যে উপসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ জনতাক মার্কিন সেনাই 'মানৱ ঢাল' হিচাপে ব্যৱহাৰ কৰি আহিছে। গতিকে মধ্যপ্রাচ্যৰ ৰাষ্ট্ৰসমূহৰ হোটেলত মার্কিন সেনাক আশ্রয় নিদিবৰ বাবে ইৰানী কর্তৃপক্ষই ৰাষ্ট্রসমূহলৈ আহ্বান জনাইছে।

Share This