ইজৰাইলৰ মোছাদৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল ইৰানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ

dainik janambhumi July 15, 2026

ডিজিটেল ডেস্ক : ইৰানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ আহমদিনেজাদৰ ইজৰাইলী চোৰাংচোৱা সংস্থা মোছাদৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকাৰ অভিযোগ উঠাৰ পাছত তেওঁক ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰৰ (আই আৰ জি চি) চোৰাংচোৱা শাখাই নিজৰ জিম্মাত লয় আৰু বর্তমান তেওঁক নজৰবন্দী কৰি ৰখা হৈছে। নিউয়র্ক টাইমছে কালি প্রাক্তন ৰাষ্ট্ৰপতিজনৰ মোছাদৰ সৈতে থকা সম্পৰ্কৰ তথ্য ফাদিল কৰে। বাতৰি কাকতখনৰ এখন প্রতিবেদনত কোৱা হৈছে যে আহমদিনেজাদৰ মোছাদৰ সৈতে দীৰ্ঘদিনীয়া সম্পর্ক আছিল। মোছাদে তেওঁক 'নিজৰ এজেণ্টৰূপে তৈয়াৰ কৰিবলৈ বিচাৰিছিল।' মোছাদে তেওঁক পুনৰ ৰাষ্ট্ৰপতিৰ পদত বহুৱাবলৈ বিচাৰিছিল। দেশখনৰ বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছিল যদিও তেওঁক দেশখনৰ শীৰ্ষ নেতৃত্বই ইয়াৰ অনুমতি নিদিলে। 

যোৱা বছৰ আমেৰিকা আৰু ইজৰাইলে ইৰানত কৰা আক্ৰমণৰ পাছত দেশখনত অভ্যুত্থানৰ জৰিয়তে আহ মদিনেজাদক ৰাষ্ট্ৰপতিৰ পদত বহুৱাবলৈ বিচাৰিছিল মোছাদে। আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়তে বাতৰি কাকতখনে এই বাতৰি প্ৰকাশ কৰে। যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত কৰা আক্ৰমণৰ সময়ত তেওঁৰ দেহৰক্ষীয়ে আহমদিনেজাদক সুৰক্ষিত স্থানলৈ লৈ গৈছিল। 

২০২৪ চনৰ আৰম্ভণিতে হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত অনুষ্ঠিত এখন সন্মিলনত প্রাক্তন ৰাষ্ট্ৰপতিজনে প্রথমবাৰৰ বাবে মোছাদৰ তেতিয়াৰ মুৰব্বী ডেভিদ বার্নিয়াই লগ ধৰি গোপনে আলোচনা কৰিছিল। আহমদিনেজাদৰ ইউৰোপ ভ্ৰমণৰ সকলো ব্যয় মোছাদে বহন কৰিছিল। ইজৰাইল ইৰানৰ ঘোষিত শত্রু দেশ হোৱা সত্ত্বেও আহমদিনেজাদে মোছাদৰ এজেণ্টৰ সৈতে আলোচনা কৰিছিল। পাছত চি আই একো এই বিষয়ে জনোৱা হৈছিল। ২৮ ফেব্ৰুৱাৰীৰ আক্ৰমণৰ পাছত আহমদিনেজাদ মোছাদৰ পৰিকল্পনাৰ পৰা আঁতৰি আহে।

Share This