ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশ সীমান্তৰ দক্ষিণ-পশ্চিম খাচি পাহাৰ জিলাৰ এজন গাঁওবাসীক আক্ৰমণ কৰা, অপহৰণ কৰা তথা হত্যাৰ প্রচেষ্টা চলোৱাৰ বাবে মেঘালয় আৰক্ষীয়ে শনিবাৰে ৪জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে পুৱতি নিশা ৩ মান বজাত ৮-৯জন সশস্ত্র লোক ৰাণীকোৰ মহকুমাৰ ৰংডাংগাই গাঁৱৰ এখন দোকানত আক্রমণ কৰে।
দলটোৱে দোকানখনত শুই থকা বলশ্রাং এ মাৰাক নামৰ লোকজনক বন্দুক দেখুৱাই ভাবুকি দিয়ে, তেওঁৰ হাত বান্ধি নিউ ৰংডাংগাইৰ ফালে লৈ যায়। কিন্তু আন্ধাৰৰ সুযোগত মাৰাকে পলাই আহি এটা ঘৰত সোমায়। কিন্তু আক্রমণকাৰীবোৰে তেওঁক অনুসৰণ কৰি আহি তেওঁক মাৰ-পিট কৰে আৰু তেওঁলোক পলোৱাৰ আগতে উক্ত ঘৰৰ পৰিয়ালক মাৰাকক চিকিৎসাৰ বাবে লৈ যাবলৈ কয়। পাছত আৰক্ষীয়ে উক্ত আক্রমণকাৰীয়ে ওচৰৰে বনাঞ্চললৈ পলাই যোৱাৰ খবৰ লাভ কৰে।
শনিবাৰে গাঁওবাসীয়ে মনচুৰ আখতাৰ নামৰ এজন সন্দেহযুক্তক আটক কৰে। আনহাতে আৰক্ষী, বি এছ এফ আৰু স্থানীয় লোকৰ এটা দলে শনিবাৰে বিয়লি খনজয় গাঁৱৰ সমীপত আৰু তিনিটা সন্দেহযুক্তক গ্ৰেপ্তাৰ কৰে।