কাজিৰঙাৰ চাৰিটা ম'হ মধ্য প্ৰদেশৰ কানহা বনাঞ্চললৈ

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক : অসম আৰু মধ্য প্রদেশ বন বিভাগৰ মাজত চলিত বৰ্ষৰ জানুৱাৰী মাহত স্বাক্ষৰিত দ্বি-পাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা মধ্য প্রদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ পুনৰ সংস্থাপনৰ বাবে ৫০ টা এছিয়া প্ৰজাতিৰ বনৰীয়া ম'হ প্ৰেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছিল। এই চুক্তিৰ আধাৰতে ২৫ এপ্ৰিলৰ পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৩জনী মাইকী আৰু ১ এটা মতা ম'হক লৈ মুঠ ৪ টা এছিয়া প্ৰজাতিৰ বনৰীয়া ম'হ মধ্য প্রদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হৈছিল আৰু এই চাৰিটা ম'হ ইতিমধ্যে কানহা ব্যাঘ্র সংৰক্ষিত বনাঞ্চল পাইছেগৈ। কানহাৰ চুপখাৰ আৰু টপলা বনাঞ্চলৰ বোমাত কাজিৰঙাৰ এই ৪টা ম'হক কালি আনুষ্ঠানিকভাৱে মুকলি কৰে মধ্য প্রদেশৰ মুখ্যমন্ত্রী ড° মোহন যাদবে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষৰ তত্ত্বাৱধানত বিগত এটা মাহজোৰা প্রচেষ্টাৰে চেতনানাশক প্রয়োগ কৰি বনাঞ্চলতে এই চাৰিটা বনৰীয়া ম'হক কৰায়ত্ত কৰি কাজিৰঙাৰ কেন্দ্ৰীয় বনাঞ্চলৰ মিহিমুখত নিৰ্মাণ কৰা বোমাত নিৰীক্ষণৰ বাবে ৰখা হৈছিল। বন বিভাগৰ বিভাগীয় পশু চিকিৎসক ডাঃ সৌৰভবুঢ়াগোহাঁই আৰু বোকাখাতৰ বৰজুৰিত থকা বন্য প্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীৰ নেতৃত্বত গঠিত পাঁচ জনীয়া পশু চিকিৎসকৰ দলে কৰা স্বাস্থ্য পৰীক্ষাৰ শেষত ২৫ এপ্রিলত গাড়ীত উঠাই এই চাৰিটা ম'হক মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হয়। 

কাজিৰঙাৰ উপ-বনসংৰক্ষৰ চক্রপাণি ৰয় আৰু বিভাগীয় পশু চিকিৎসক ডাঃ সৌৰভ বুঢ়াগোহাঁইৰ নেতৃত্বত কাজিৰঙা আৰু কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বনকৰ্মীৰ এটা দলো ম'হ চাৰিটাৰ সৈতে যাত্ৰা কৰিছে। কাজিৰঙাৰ এই ম'হ চাৰিটা গৈ কানহা ব্যাঘ্র সংৰক্ষিত বনাঞ্চল পায়গৈ। প্রথমতে
কিছুদিনৰ বাবে অস্থায়ী বোমাত ৰাখি এই ম'হকেইটাক পৰৱৰ্তী সময়ত কানহা ব্যাঘ্র সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হ'ব। উল্লেখযোগ্য যে প্রথম পর্যায়ত প্ৰেৰণ কৰা চাৰিটা ম'হৰ উপৰি আৰু চাৰিটা ম'হ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ অস্থায়ী বোমাত নিৰীক্ষণৰ বাবে ৰখা হৈছে বুলি জনায় কাজিৰঙাৰ ডি এফ অ' অৰুণ বিঘ্নেশে। দ্বিতীয় পর্যায়ত এই চাৰিটা ম'হো মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্র সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ জনাইছে। এইদৰেই পর্যায়ক্রমে কাজিৰঙাৰ পৰা মুঠ ৫০টা এছিয়া প্ৰজাতিৰ বনৰীয়া ম'হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হ'ব। মন কৰিব লগীয়া যে কানহা ব্যাঘ্র সংৰক্ষিত বনাঞ্চললৈ বনৰীয়া ম'হ কৰায়ত্ত কৰি প্ৰেৰণ কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ সমিতিৰ তত্ত্বাৱধানত যোৱা ১৫ মাৰ্চৰ পৰা পৰীক্ষামূলক অভিযান আৰম্ভ কৰি কাজিৰঙাৰ কহৰা আৰু অগৰাতলি বনাঞ্চলত চেতনানাশক প্রয়োগ কৰি ৮ টা বনৰীয়া ম'হ কৰায়ত্ত কৰা হৈছিল। কৰায়ত্ত কৰাৰ পাছত কঁহৰাৰ মিহিমুখ আৰু অগৰাতলিত বনাঞ্চলৰ ভিতৰতে অস্থায়ী 'বোমা' নির্মান কৰি ম'হকেইটা ৰাখি স্বাস্থ্য পৰীক্ষা আৰু নিৰীক্ষণ কৰা হয়। কেন্দ্রীয় চিৰিয়াখানা প্ৰাধিকৰণ, ভাৰতীয় বন্য প্রাণী প্রতিষ্ঠান আৰু কেন্দ্রীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে দীর্ঘ পৰিকল্পনাৰে এই পুনৰ সংস্থাপিত ম'ইসমূহ কানহাত নিৰীক্ষণ কৰিব। একেলগে ১৫টাকৈ ম'হ প্ৰেৰণৰ পৰিকল্পনা আছিল যদিও বনাঞ্চলত ম'হ কৰায়ত্ত কৰাৰ কঠিনতাকে ধৰি ভালেমান অসুবিধাৰ বাবে চাৰিটাহে ম'ই প্রথম পৰ্যায়ত প্ৰেৰণ কৰা হৈছে। ভাৰতৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই এছিয়া প্ৰজাতিৰ বনৰীয়া ম'হৰ আদৰ্শ জনসংখ্যা পোৱা যায়। ব্রহ্মপুত্র উপত্যকাৰ ডিব্ৰু ছৈখোৱা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এসময়ত এই প্ৰজাতিৰ ম'হৰ আদৰ্শ আৱাস আছিল যদিও সম্প্রতি দুয়ো স্থানতে বিপন্ন হৈ পৰিছে এছিয়া প্ৰজাতিৰ বনৰীয়া ম'ই। বন বিভাগৰ শেহতীয়া সমীক্ষা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এছিয়া প্রজাতিৰ বনৰীয়া ম'হৰ পৰিসংখ্যা ১৬৬০টা মান হ'ব। 

মন কৰিব লগীয়া যে ইয়াৰ পূৰ্বে কভিডৰ সময়তে ২০২০ চনত অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এহাল বনৰীয়া ম'হ আৰু ২০২৩ চনত ৪টা ম'হ ছত্তিশ গড়ৰ বাৰ্মাৱাপাৰা ব্যাঘ্র সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হৈছিল। বিশ্বত এছিয়া প্রজাতিৰ বনৰীয়া ম'হৰ পৰিসংখ্যা ৪ হাজাৰতকৈও কম। এটা সময়ত মধ্য ভাৰতৰ মাণ্ডলা, বালাঘাট, সাতপুৰা আদি বনাঞ্চলত বনৰীয়া ম'হ আছিল যদিও ১৯৭৯ চনতে মধ্য প্রদেশৰ পৰা এছিয়া প্ৰজাতিৰ বনৰীয়া ম'হ বিলুপ্ত হৈ পৰে।

Share This