ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰাজধানী ইটানগৰৰ নীতি বিহাৰ এলেকাৰ এক নিৰ্মাণস্থলীত সোমবাৰে নিশা সংঘটিত এটা ভয়াৱহ ভূমিস্খখলনৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। লগতে আন তিনিজন লোক আহত হয়। ঘটনা সন্দৰ্ভত কালি ইটানগৰৰ উপায়ুক্ত টুকু বাবুৱে জনায় যে নিশা প্রায় ৯ বজাত এটা ব্যক্তিগত বাসগৃহত গার্ডৱাল নিৰ্মাণ কৰি থকা অৱস্থাত মাটিৰ এটা অংশ হঠাৎ খহি পৰে। ফলত মাটিৰ তলত সোমাই চুকি টাসাৰ (৩৪), ৰতন বুৰ্মান (২০), গডাক ৰাজা (৩২) আৰু গডাক টাবিন (৪১)ৰ মৃত্যু হয়। তদুপৰি টাতুং তাজিত (২২), চুকি তাকিয় (৪৫) আৰু হাচিনুৰ আলী (৩২) আহত হয়।
ইটানগৰ আৰক্ষী অধীক্ষকৰ জুম্মাৰ বাছাৰৰ নেতৃত্বত তৎকালীনভাৱে আহতসকলক ইটানগৰৰ জেনেৰেল চিকিৎসালয়ত ভর্তি কৰে যদিও আহতসকলৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয়ৰ সূত্রই জনাইছে। ইফালে, নিশাই উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযানত নামি পৰে। উদ্ধাৰ অভিযান পর্যবেক্ষণস্থলীত ইটানগৰৰ আৰক্ষী অধীক্ষক জুম্মাৰ বাছাৰ, সহকাৰী আয়ুক্ত তামো দাদা, ডি ডি এম অ' মৰমি সোনাম আৰু এছ ডি আৰ এফৰ অতিৰিক্ত এছ পি ময়িৰ বাছাৰ কামদাক উপস্থিত থাকে।
ভূমিস্খলনৰ ফলত বৃহৎ পৰিমাণ মাটি খহি পৰাৰ ফলত উদ্ধাৰ অভিযান অত্যন্ত কষ্টসাধ্য হয়। প্রায় তিনি ঘণ্টা অভিযান চলাই মাটিয়ে পুতি পেলোৱা মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দলে। মৃতসকলৰ বেছিভাগেই নির্মাণকার্য পৰ্যবেক্ষণ কৰি থকা লোক আছিল। এই ঘটনাৰ সম্পৰ্কত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বিগত কেইদিনমান ধৰি হোৱা ধাৰাবাহিক বৰষুণৰ ফলত ইটানগৰৰ ৰাজধানী এলেকাসমূহত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে।