ডিজিটেল ডেস্ক : সীমাহীন মইমতালি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈ অহা পথ নিৰ্মাণকাৰী সংস্থা ৰিগেল কনষ্ট্রাকশ্যনৰ লেহেমীয়া কাম-কাজৰ বাবেই শিৱসাগৰত অদ্যপি আধৰুৱা অৱস্থাতে আছে নির্মীয়মাণ চাৰিলেনযুক্ত পথ। জাঁজীৰ পৰা গৌৰীসাগৰৰ নামদাং শিলৰ সাঁকো পর্যন্ত ১৪কিল'মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথছোৱাত ক্ষিপ্র গতিত কাম নকৰি বহু দিন মাজে মধ্যে কাম-কাজ চলাই থকাৰ প্রতিবাদত অলপতে গৌৰীসাগৰত আছুৰ নেতৃত্বত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছিল। উক্ত প্ৰতিবাদৰ পাছতে ৰিগেল কনষ্ট্রাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে আধৰুৱা পথছোৱাত কাম-কাজ চলাবলৈ বাধ্য হৈছে যদিও পথছোৱাৰ ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰিছে।
ইফালে, পথ নিৰ্মাণকাৰী প্রতিষ্ঠানটোৰ কাম-কাজ অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে পলমকৈ। উল্লেখযোগ্য যে সুদীর্ঘ প্রায় ৮বছৰৰো অধিক কাল জনসাধাৰণ তথা পথচাৰীক জীয়াতু ভোগাই অহা পথছোৱা সম্প্রতি নিৰ্মাণৰ পাছতে বখলা বখলে বহু স্থানত পথৰ সোঁ মাজতে এৰাই যোৱাত যান-বাহনৰ চলাচলত ব্যাঘাত জন্মিছে। বিশেষকৈ গৌৰীসাগৰৰ সমীপৱৰ্তী চাৰিং আলিকেঁকুৰিত সৃষ্টি হৈছে এনে জহি-খহি যোৱাৰ অৱস্থা। প্রণিধানযোগ্য যে চৰম দুর্ঘটনাপ্রবণ এলেকা হিচাপে চিহ্নিত হৈ অহা পথছোৱাত ইতিমধ্যে বহুতো পথ দুর্ঘটনা সংঘটিত হৈ বহুকেইজন পথচাৰী আৰু যান-বাহনৰ আৰোহীৰ মৃত্যু হোৱাৰ উপৰি বহু লোকে জীৱনৰ বাবে পংগুত্ব জীৱন আঁকোৱালি লোৱাৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ ধৰিছে সঘনাই। উল্লেখযোগ্য যে দৈনিক হাজাৰ হাজাৰ যান-বাহন অহা-যোৱা কৰা চাৰিলেনযুক্ত পথটোত এনে জহি-খহি যোৱা অৱস্থাৰ বাবেই দ্রুত গতিত অহা-যোৱা কৰা যান-বাহনবোৰ ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱাৰ উপৰি যিকোনো সময়তে ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তথাপি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগ, জিলা প্রশাসনহে নালাগে পথ নিৰ্মাণকাৰী প্রতিষ্ঠানটোৱেও পথটোৰ সোঁমাজতে সৃষ্টি হ'বলৈ ধৰা জৰাজীৰ্ণ পথছোৱাৰ মেৰামতি কৰিবলৈ আগবাঢ়ি নহাত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত।
আশ্চৰ্যকৰ বিষয় যে জনসাধাৰণ তথা পথচাৰীৰ জীৱন-সম্পত্তিৰ প্ৰতি পিঠি দি চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰিগেল কনষ্ট্রাকশ্যনে যোৱা দুমাহৰো অধিক দিন গৌৰীসাগৰত অতি ব্যস্তময় পথ আৰু ৰাজহুৱা স্থানত এটা প্রকাণ্ড গাঁত খান্দি উন্মুক্ত অৱস্থাত পেলাই ৰখাত আতংকিত আৰু উদ্বিগ্নতাৰে জীৱন যাপন কৰিব লগা হৈছে ৰাইজ। গৌৰীসাগৰ থানা তিনিআলিত তথা নির্মীয়মাণ চাৰিলেনযুক্ত পথৰ নিচেই কাষতে বিপজ্জনক অৱস্থাত উন্মুক্ত হৈ পৰি আছে উক্ত গাঁতটো। দৈনিক জনমভূমিত একাধিকবাৰ উক্ত কৰ্ম কাণ্ডৰ সম্পৰ্কত সংবাদ শিৰোনাম দখল কৰি অহাৰ পাছতে উন্মুক্ত অৱস্থাত থকা গাঁতটোত মাত্র দুদিন সামান্য কাম কৰি চাৰিও দিশত সাংকেতিক চিহ্ন দিয়েই দায়িত্ব সামৰে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ফলত বিপজ্জনক অৱস্থাত আজিও পৰি আছে সেই বহু চর্চিত গাঁতটো।