টীয়ক, চেলেংহাট, তিতাবৰত চাৰিগৰাকীৰ সলিল সমাধি

dainik janambhumi July 21, 2026

ডিজিটেল ডেস্ক : নগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ পাছত যোৰহাট জিলাৰ ভোগদৈ, জাঁজী, পুঠি নদী, টীয়ক, কাকডোঙা, চৰাইপানী নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বান পৰিস্থিতি অতিশয় ভয়াৱহ হৈ পৰিছে। প্রতিখন নৈ-উপনৈ ফেনে- ফোটোকাৰে বাঢ়ি অহাৰ ফলত জিলাখনৰ অর্ধশতাধিক গাঁৱলৈ বাঢ়নী পানী সোমাই জনসাধাৰণৰ অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। 

বানপানীৰ ফলত জিলাখনৰ টীয়কৰ ৰাজৈত অর্জুন কৰ্মকাৰ, চেলেংহাটৰ লুখুৰাখন গাঁৱৰ ললিত গগৈ আৰু তিতাবৰ পাণবাৰী চাহ বাগিচা দৈজানত সুস্মিতা মির্ধা আৰু সুনীয়া পাহাৰীয়া নামৰ নামৰ দুগৰাকী কিশোৰীকে ধৰি মুঠ চাৰিগৰাকীৰ মৃত্যু হৈছে। ইফালে ভোগদৈ নদীৰ জলপৃষ্ঠ অভূতপূর্বভাৱে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে নিশা চাৰি ঠাইত ভোগদৈ নদীৰ মথাউৰি ভগাত বানাক্ৰান্তৰ অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰ-পশ্চিম যোৰহাটৰ কাতিৰাম ঢুকত দেওবাৰে নিশা প্রথমে ভোগদৈৰ মথাউৰি ছিগি বহুকেইখন গাঁৱত পানী সোমায়। পানীৰ প্ৰৱহনৰ ক্ষমতা ইমানেই তীব্র আছিল যে মথাউৰিটোৰ শ'লমৰা, মজিয়াভেটি, পহুমৰাত ছিঙি নিয়াত বিস্তীর্ণ অঞ্চল প্লাবিত হয়। ভোগদৈ নদী দেওবাৰে বিপদসীমাৰ ২ মিটাৰ ৪০ চেন্টিমিটাৰ ওপৰেৰে বৈছিল। পানীৰ তীব্র সোঁতে চালুকীয়া অৱস্থাত থকা ভোগদৈৰ মথাউৰিটো ছিঙি নিয়াত বহুকেইখন ৰাজহ গাঁও বাঢ়নী পানীয়ে বুৰাই পেলায়। প্রথমতে দেওবাৰে সন্ধিয়া নগৰৰ ১৯ নং ৱাৰ্ডৰ বড়িগাঁৱত ভোগদৈ পাৰেৰে পানী বাগৰি নিমাতী পথটো ৰুদ্ধ কৰি দিয়ে। ভোগদৈৰ পানীয়ে বড়িগাঁৱৰ তিনিশ মিটাৰ অংশত ওপৰেৰে পানী বাগৰাত ঘৰে ঘৰে পানী সোমাই ক্ষতিসাধন কৰে। 

ক্ষতিগ্রস্তসকলক জিলা প্রশাসনে খাদ্য সামগ্ৰীৰ ৰিলিফ প্রদান কৰিছে। কালি পুৱালৈকে অঞ্চলটোত ভোগদৈ পানী সোমাই আছিল যদিও আবেলিলৈ জলপৃষ্ঠ হ্রাস হোৱাত নোসোমোৱাকৈ ৰৈ যায়। ইফালে নিশা উত্তৰ-পশ্চিম যোৰহাটত মথাউৰি ছিগি যোৱাত বড়িগাঁৱত ৰক্ষা পৰে যদিও উত্তৰ-পশ্চিম যোৰহাটৰ অর্ধশতাধিক গাঁও প্লাৱিত হোৱাত সীমাহীন দুর্গতি হৈছে জনতাৰ। মথাউৰিটো চাৰি ঠাইত ছিগাৰ বাবে এলেংমৰা, এক নং সোণাৰি গাঁও, কাতিৰাম চুক, শ'লমৰা, পহুমৰা অঞ্চল, চোলাধৰা, গুৱালগাঁও, বালিআটি, ওপৰ গৰুমৰা, গণকধাৰী, গায়নবাৰী, বালিখুঁটি, ৰঙাগড়া, বৰমেৰ, মজিয়াভেটি গাঁৱকে ধৰি কুৰিখনৰো অধিক গাঁও প্লাৱিত হয়। আকস্মিকভাৱে নিশা অহা বানপানীৰ ফলত গাঁওসমূহত কোনো লোকেই এপদো সামগ্ৰী ৰক্ষা কৰিব নোৱাৰিলে। বানাক্ৰান্ত জনতাই মাত্ৰ প্ৰাণৰ মমতাত ওখ ঠাইত আশ্রয় লৈ নিশাটো কটায়। 

আনহাতে, তীব্র সোঁতেৰে অহা পানীৰ ফলত বহু লোকৰ হাঁহ, ছাগলী আদি উটি গৈছে বুলিও বানাক্রান্তসকলে জানিবলৈ দিছে। চৌদিশে পানীৰ ফলত গৰু, ছাগলী আদিৰ পশু খাদ্য নোহোৱা হৈ পৰাত বানাক্ৰান্তসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। কালি যোৰহাট জিলা প্রশাসনৰ তৰফৰ পৰা কিছু কিছু ঠাইত খাদ্য সামগ্রী প্ৰেৰণ কৰিছে যদিও সেয়া পর্যাপ্ত নহয়। পানীৰ গভীৰতা থকা অঞ্চলসমূহত জিলা প্রশাসনে এছ ডি আৰ এফৰ যোগেদি উদ্ধাৰ অভিযান চলাইছে। যোৰহাট জিলা আযুক্ত জয় শিৱানীয়ে শ'লমৰা অঞ্চলৰ বানাক্ৰান্ত জনতাৰ সমস্যাৰ বুজ লোৱাৰ লগতে বিভাগীয় বিষয়াক ৰাইজক সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। টীয়ক বিধানসভা সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াই কালি নিশাৰে পৰা বানাক্ৰান্ত ৰাইজৰ দুখৰ খবৰ লৈ আহিছে। ইফালে মৰিয়নি সমষ্টিৰ অন্তর্গত চেলেংহাটৰ ৰে'ললাইনত জাঁজীৰ পানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰে'ললাইন কিছু ঠাইত খহি পৰাৰ ফলত ৰে'ল চলাচল ব্যাহত হৈছে। বিবেক এক্সপ্রেছ ৰে'লগাড়ীখন বহু সময় ধৰি আবদ্ধ হৈ থকাৰ পাছত মৰিয়নিলৈ নিবলৈ সক্ষম হয়। 

উল্লেখযোগ্য যে যোৰহাটৰ টোকোলাই নৈৰ পানীয়ে ৰজামৈদাম, ইটাখুলি আদি অঞ্চলৰ বহু লোকৰ ঘৰত পানী সোমাই ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে নগৰৰ জে বি ৰ'ডৰ এটা অংশত পানী জমা হোৱাত যান-বাহন চলাচল কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে।

Share This