ৰাষ্ট্ৰপতি ভৱনত দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্রদান, অসমৰ ৪ ব্যক্তিয়েও গ্রহণ কৰিলে বঁটা

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কালি পদ্ম বঁটা প্রদানেৰে দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ৰাষ্ট্ৰপতি দোপদ্রী মুর্মুৱে এই বঁটা প্ৰদান কৰে। 

অসমৰো ৪গৰাকী বিশিষ্ট ব্যক্তি ক্রমে নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক পদ্ম বঁটা প্ৰদান কৰা হয়। 

উল্লেখযোগ্য যে কলা আৰু শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নুৰুদ্দিন আহমেদক, কৃষি খণ্ড আৰু ৰেছম শিল্পৰ বিশেষ উৎকর্ষ সাধনৰ বাবে যোগেশ দেউৰীক, কাৰ্বি লোক সংগীত তথা লোক সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে পখিলা লেকথেপিক আৰু সামাজিক তথা ৰাজহুৱা সেৱা ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে কবীন্দ্ৰ পুৰকায়স্থ (মৰণোত্তৰভাবে) এই বঁটা প্ৰদান কৰা হয়। 

দেশৰ এই সর্বোচ্চ সন্মান লাভ কৰি আটাইকেইগৰাকী বঁটা প্রাপকে কয় যে এই সন্মানে তেওঁলোকৰ দায়িত্ব আৰু অধিক বৃদ্ধি কৰিলে। আগন্তুক দিনবোৰতো সমাজ আৰু দেশৰ হকে, বিশেষকৈ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মত ব্যক্ত কৰে।

Share This