গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক

Nikimoni Kachari July 17, 2026

ডিজিটেল ডেস্ক: গোসাইগাঁৱৰ বল্লামগুৰি গাঁৱৰ পৰা যোৱা নিশা আৰক্ষীয়ে চাৰিজন সন্দেহজনক ছুপাৰী কিলাৰক মাৰণাস্ত্ৰসহ আটক কৰে। জানিব পৰা মতে, দুৰ্বৃত্তৰ দলটোৱে বল্লামগুৰি গাঁৱত মাৰণাস্ত্ৰ লৈ মুক্তভাৱে বিচৰণ কৰি আছিল। প্ৰথমতে স্থানীয় লোকে তেওঁলোকক গৰু চোৰৰ দল বুলি সন্দেহ কৰিছিল। কিন্তু তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ দেখা পাই ৰাইজে চাৰিওজনক আটক কৰি ধৰি ৰাখে।

এই সময়ছোৱাত ৰাইজ আৰু দুৰ্বৃত্তৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, এজন দুৰ্বৃত্তই বন্দুকেৰে আক্ৰমণ কৰাত এজন যুৱক আহত হয়। পিছত উত্তেজিত ৰাইজে দুৰ্বৃত্তকেইজনক লপাথপা দিয়ে আৰু আৰক্ষীক খবৰ দিয়ে।

গোসাইগাঁও আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ১৫ দিন পূৰ্বেই তথ্য লাভ কৰিছিল যে বহিঃৰাজ্যৰ এটা ছুপাৰী কিলাৰৰ দলে অসমত প্ৰৱেশ কৰি অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা আছে। সেই অনুসৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। অৱশেষত যোৱা নিশা স্থানীয় ৰাইজৰ সজাগতাৰ ফলত তেওঁলোকৰ পৰিকল্পনা বিফল হয়।

আৰক্ষীয়ে ধৃতসকলৰ পৰা সজীৱ গুলীসহ এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিছে। ধৃত চাৰিজনক উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ ধৰমবীৰ গৌতম, বিকাশ চৌধুৰী, সূৰজ গৌতম আৰু নিজামিছ আলী বুলি চিনাক্ত কৰা হৈছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This