স্বাধীনতা
Dainik Janambhumi
August 15, 2024
ডিজিটেল ডেস্কঃ ব্ৰিটিছে এৰি যোৱা ক্ষণটোৰ স্মৰণৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰৰ ৭৮সংখ্যক জয়ন্তীতো আজি স্বাধীনতা দিৱস সমগ্ৰ দেশজুৰি পালন কৰা হৈছে৷ কেৱল ভাৰতবৰ্ষ বুলিয়েই নহয়, বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা প্ৰতিজন ভাৰতীয়ও আজি স্বাধীনতাৰ আনন্দ উদ্যাপনত ব্যস্ত৷
হ’বৰে কথা৷ প্ৰায় ২০০ বছৰ ভাৰতত থকা তথা ১৮৫৮ চনৰ পৰা মুঠ ৮৯ বছৰ সংসদীয় শাসন চলোৱা ব্ৰিটিছৰ সেই পৰাধীনতাৰ পৰা মুক্তি বিচাৰি ভাৰতীয় যি কঠোৰ সংগ্ৰামত অৱতীৰ্ণ হৈছিল, নিজৰ জীৱন পৰ্যন্ত উচৰ্গা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, তেনে কৃচ্ছ্ৰ মুক্তি সাধাৰণভাৱে উলাই কৰিব পৰা বিধৰ মুঠেই নহয়৷ প্ৰতিজন ভাৰতীয়ৰ সিৰাই সিৰাই বৈ আছে তেনে মুক্তিকামী-দেশপ্ৰেমৰ ফল্গুধাৰা৷ চাবলৈ গ’লে ইষ্ট ইণ্ডিয়া কোম্পানী ৰূপত ব্যৱসায় সূত্ৰে ভাৰত উপ-মহাদেশলৈ অহা ব্ৰিটিছসকলে ১৭৫৭–১৯৪৭লৈ দীঘলীয়া শাসন চলালে৷
এই সুদীৰ্ঘ শাসনকালত ব্ৰিটিছসকলে কি দিলে, কি নিলে সেয়া পৃথক বিষয়, কিন্তু ব্ৰিটিছৰ হাতৰ পৰা শাসনভাৰ কাঢ়ি অনাৰ পাছত স্বাধীন ভাৰতত যোৱা ৭৮ বছৰে ভাৰতবাসীয়ে কি পাইছে আৰু কি পাবলৈ গৈ আছে, সেয়াহে বিচাৰ্যৰ বিষয়৷ সাধাৰণভাৱে ‘স্বাধীনতা’ শব্দই কাৰো বাধা অবিহনে যি বিচাৰে কৰিব পৰা অৱস্থাকে বুজায়৷ এক কথাত স্বাধীনতা হৈছে এক মানসিক স্থিতি৷ এজন ব্যক্তিয়ে ভবা অনুসৰি কৰাৰ অধিকাৰ পালে আৰু অন্তৰৰ পৰা মুক্তি অনুভৱ কৰিলে তাকেই হয়তো স্বাধীনতা বুলি ক’ব পৰা যাব৷ কিন্তু ব্যক্তি-সমাজ, সংস্কৃতি-স্থানভেদে ইয়াৰ অৰ্থ আৰু প্ৰয়োগো ভিন ভিন হ’ব৷
উদাহৰণস্বৰূপে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতবৰ্ষ বিশ্বৰ আন আন স্বাধীন ৰাষ্ট্ৰসমূহৰ এখন হিচাপে স্বীকৃত হ’ল৷ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাই ইয়াৰ জনগণক কেতবোৰ ক্ষেত্ৰত বাধা-প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগতে কেতবোৰ ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰে৷ তাৰ পাছতো কিন্তু ব্যক্তি আৰু সমাজভেদে স্বাধীনতাৰ অন্য এখন ছবি পৰিষ্কাৰ হ’ব৷ অৰ্থাৎ কিছুমানৰ বাবে যদি বিশ্বৰ যিকোনো ঠাইলৈ যাব পৰাটো স্বাধীনতা হ’ব পাৰে, তেনেহ’লে আন কিছুমানৰ বাবে নিজৰ বাবে মাত মতাটো, কিছুমানৰ বাবে স্বতন্ত্ৰ আৰু ইতিবাচক হৈ থকাটো আৰু কিছুমানৰ বাবে যি বিচাৰে তাক পোৱাটোও স্বাধীনতা হৈ পৰে৷ সেইফালৰ পৰা ‘স্বাধীনতা’ শব্দটোক এক নিৰ্দিষ্ট গণ্ডীৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰি বুলিয়েই ক’ব পাৰি৷
অৰ্থাৎ ইয়াক কোনো এক নিৰ্দিষ্ট অৰ্থৰ মাজতো সীমাবদ্ধ ৰাখিব নোৱাৰি৷ তাৰ মাজতো আমি ক’ব পাৰোঁ যে কাৰোৰে ইচ্চাৰ বিৰুদ্ধে ধৰি ৰাখিব নোৱৰা মানুহৰ শাৰীৰিক স্বাধীনতাও আছে, নিজৰ জীৱনৰ বিষয়ে, পৰিয়াল-সমাজৰ বিষয়ে চিন্তা কৰিব পৰাকৈ মানসিক স্বাধীনতাও আছে৷ সেইদৰে মানুহৰ নাগৰিকত্বৰ স্বাধীনতাও থাকিব যি এজন ব্যক্তিক যিকোনো এখন স্বাধীন দেশত নাগৰিকত্ব লোৱাৰ অনুমতি দিব আৰু ই সেইখন দেশৰ নিৰ্বাচনৰ সময়ত ভোটদানৰ অধিকাৰৰ উপৰি চৰকাৰী পদত মকৰল হোৱা অথবা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অধিকাৰো প্ৰদান কৰিব৷ আনহাতে মানুহৰ আৱেগিক স্বাধীনতাকো বহুক্ষেত্ৰত মান্যতা দিব লাগিব৷ কিছুমান সমাজে এই আৱেগিক স্বাধীনতাক নিৰুৎসাহিত কৰে৷ কিন্তু মানুহৰ অনুভূতি দমন কৰাটো মানসিক স্বাস্থ্যৰহিত বাবেই ইয়াক গুৰুত্ব দিয়াটো অধিকাৰৰ ভিতৰতে পৰিব৷ ব্যক্তিগত স্বাধীনতাৰ ভিতৰত গোপনীয়তাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, জীৱনৰ অধিকাৰ, চলাচলৰ অধিকাৰ আদিবোৰো অন্তৰ্নিহিত থাকিব৷ একেদৰে ধৰ্মৰ স্বাধীনতাও থাকিব লাগিব৷
ভাৰতবৰ্ষৰ দৰে দেশত এজন ব্যক্তিক পচন্দৰ ধৰ্ম অনুসৰণ কৰিবলৈ অথবা জীৱনৰ যিকোনো সময়তে যিকোনো ধৰ্ম মুক্তভাৱে ল’ব পৰা বা সলনি কৰিব পৰাৰ অধিকাৰ থাকিব লাগিব৷ থাকিব লাগিব নাগৰিকৰ অস্তিত্ব নিৰ্ণয়ৰ স্বাধীনতাও৷ মানুহে বাস কৰা পৰিৱেশটো নিৰ্ণয় কৰাৰ ইচছা প্ৰত্যেকৰে থাকে৷ কেতবোৰ নিৰ্দিষ্ট ঘটনা-পৰিঘটনাৰ বাবে ই বিঘ্নিত হ’ব পাৰে, কিন্তু স্বাধীন দেশৰ নাগৰিকে তেনে বাধাক আওকাণ কৰিও নিজৰ অস্তিত্ব নিৰ্ণয় কৰাৰ অধিকাৰ লাভ কৰিব লাগিব৷ সবাৰো ওপৰত থাকিব লাগিব নাগৰিকৰ মত প্ৰকাশৰ স্বাধীনতা৷ এজন ব্যক্তিয়ে তেওঁৰ মতামত যি ৰূপত ইচ্চা কৰে সেই ৰূপত প্ৰকাশ কৰাৰ অধিকাৰ থাকিব লাগিব৷ সকলোবোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰতে নাগৰিকৰ মত প্ৰকাশৰ অধিকাৰক গুৰুত্ব আৰু সন্মান জনাই আহিছে৷
যি ৰাষ্ট্ৰই তেনে কৰা নাই তেওঁলোক হয় অগণতান্ত্ৰিক হ’ব পাৰে অথবা ‘ফেচিষ্ট’ হ’ব পাৰে৷ আমেৰিকাৰ দৰে ৰাষ্ট্ৰই সংবিধানৰ দ্বাৰা ধৰ্ম, বাক স্বাধীনতা, সংবাদ মাধ্যম, শান্তিপূৰ্ণ সমাৱেশ, চৰকাৰক আৱেদন-নিৱেদন কৰা আদি অধিকাৰ সুপৰিচিত কৰি এখন স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দেখুৱাইছে৷ ভাৰতেও ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পূৰ্বেই অৰ্থাৎ ব্ৰিটিছসকলৰ সৈতে সংগ্ৰামৰত অৱস্থাতে এখন সংবিধান প্ৰস্তুত কৰিছিল৷ দেশৰ স্বাধীনতাৰ পাছত প্ৰযোজ্য হোৱা এই সংবিধানত সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ, সংস্কৃতি আৰু শৈক্ষিক অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি অলেখ সা-সুবিধাৰে নাগৰিকৰ জীৱনৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা তথা পদক্ষেপ লোৱা হৈছে৷
জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে এইসমূহ সকলো নাগৰিকৰ বাবে সমানে প্ৰযোজ্য হোৱা অধিকাৰ, সংবিধানে দিয়া স্বাধীনতা৷ কিন্তু কেতিয়াবা কোনো কোনো শাসকৰ হাতত পৰি এই অধিকাৰসমূহো খৰ্ব হোৱাৰ অভিযোগ নি(য় উঠে৷ যেতিয়াই নাগৰিকৰ অধিকাৰ খৰ্ব হয়, তেতিয়াই আকৌ দেশত ক্ষোভ-প্ৰতিবাদে গা কৰি উঠে৷ আৰু যেতিয়া শাসকে জনতাৰ ক্ষোভ-প্ৰতিবাদকো জোৰ কৰি দমন কৰিবলৈ বিচাৰে, তেতিয়াই সামগ্ৰিকভাৱে গণতন্ত্ৰ, স্বাধীনতাৰ প্ৰতিয়েই আঙুলি উঠে৷ স্বয়ং ভাৰতৰ সংবিধান প্ৰণেতা ড॰ আম্বেদকাৰেই কৈ গৈছে– এখন ভাল সংবিধানো বেয়াত পৰিণত হয় তেতিয়া, যেতিয়া তাক পৰিচালনা কৰাসকল বেয়া হয়৷
আনহাতে এখন বেয়া সংবিধানো ভাল হয়, যেতিয়া তাৰ পৰিচালকসকল ভাল হয়৷ ইয়াৰ পৰা আমি এই কথা স্থিৰ কৰিব পাৰোঁ যে ‘উৎকৃষ্ট সংবিধান’ অথবা ‘নিকৃষ্ট সংবিধান’ বুলি একো বস্তু নাই৷ সেইদৰে নাই ‘পৰম স্বাধীনতা’ বা ‘অতি স্বাধীনতা’৷ এখন স্বাধীন দেশৰ স্বাধীন ব্যৱস্থা মানে লেকামহীন ঘোঁৰাও নহয়৷
দেশৰ স্বাৰ্থত, দহৰ স্বাৰ্থত কিছুক্ষেত্ৰত আপোচ কৰিবই লাগিব৷ সেয়া লাগিলে জনতাই হওক, শাসকপক্ষই হওক৷ জনতা কেতিয়াবা অঁকৰা-অজলা হিচাপেই থাকি যাব৷ কিন্তু শাসকপক্ষই তাৰ সুযোগ লৈ জনতা-গণমাধ্যমৰ মুখ বন্ধ কৰি অথবা জোৰ-জবৰ চল-বল-কৌশলী নীতি সাব্যস্ত কৰি ‘স্বাধীনতা’ কিম্বা ‘গণতন্ত্ৰ’ কদাপি ৰক্ষা কৰিব নোৱাৰে৷
Share This