সাৱধান! এতিয়াৰে পৰা বেংকৰ লেনদেনত হ’ব ডাঙৰ পৰিৱৰ্তন: আহি আছে ই-চেক

Nikimoni Kachari March 28, 2026

ডিজিটেল ডেস্কঃ ভাৰতীয় বেংকিং খণ্ডত এক ডাঙৰ পৰিৱৰ্তন । শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) তেওঁলোকৰ 'পেমেণ্ট ভিজন ২০২৮' নথিপত্ৰ প্ৰকাশ কৰিছে, য’ত পৰম্পৰাগত কাগজৰ চেকৰ সলনি 'ই-চেক' (e-cheque) প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে।

ই-চেক (e-cheque) কি আৰু ইয়াৰ প্ৰয়োজন কি?

বৰ্তমান সময়ত কাগজৰ চেক ক্লিয়াৰ হ’বলৈ ২-৩ দিন সময় লাগে। ই-চেক হ’ব সম্পূৰ্ণ ডিজিটেল।

সুবিধা: ইয়াৰ ফলত ধনৰ লেনদেন তৎক্ষণাৎ হ’ব। এতিয়াৰ পৰা কাগজৰ চেক হেৰোৱা বা চহী জালিয়াতি হোৱাৰ ভয় নাথাকিব।

ডিজিটেল প্ৰৱঞ্চনা ৰোধৰ বাবে নতুন পদক্ষেপ

RBI-এ গ্ৰাহকৰ সুৰক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে:

১) এতিয়াৰ পৰা গ্ৰাহকে নিজৰ ম'বাইল এপৰ জৰিয়তে যিকোনো সময়তে ডিজিটেল পেমেণ্ট মোড (যেনে UPI বা IMPS) 'Switch On' বা 'Switch Off' কৰিব পাৰিব।

২) বেংকৰ দায়িত্ব: যদি কোনো গ্ৰাহক ডিজিটেল প্ৰৱঞ্চনাৰ বলি হয়, তেন্তে সেই লোকচানৰ বোজা কেৱল গ্ৰাহকৰ নহয়, বৰঞ্চ সংশ্লিষ্ট বেংকসমূহেও বহন কৰিব লাগিব।


ই-কমাৰ্চ আৰু আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট

ই-কমাৰ্চ নিৰীক্ষণ: আমাজন বা ফ্লিপকাৰ্টৰ দৰে প্লেটফৰ্মসমূহৰ লেনদেন প্ৰক্ৰিয়াক RBI-ৰ পোনপটীয়া নিৰীক্ষণৰ অধীনলৈ অনা হ’ব।

সীমা অতিক্ৰম কৰা লেনদেন: বিদেশলৈ ধন পঠিওৱা প্ৰক্ৰিয়াটো অধিক সহজ আৰু কম খৰচী কৰাৰ পৰিকল্পনা কৰা হৈছে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This