সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ 

dainik janambhumi October 19, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ খাদ্য নিয়ামক সংস্থা ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) সকলো ফুড আৰু বেভাৰেজ কোম্পানীক নির্দেশ দিছে যে কোম্পানীসমূহে ইয়াৰ সামগ্রীসমূহত 'অ' আৰ এছ' (অৰেল ৰিহাইড্ৰেশ্যন ছলিউশ্যন' বুলি লিখা বন্ধ কৰিব লাগিব। 

এই আদেশত এইটোও অন্তর্ভুক্ত হ'ব যে 'অ' আৰ এছ' বুলি সামগ্রীসমূহৰ নামৰ আগত বা পাছত ট্রেডমার্ক হিচাপে কোম্পানীবোৰে লিখিব নোৱাৰিব। 

এটা চৰকাৰী বিবৃতিত খাদ্য সুৰক্ষা সংস্থাটোৱে কয় যে 'অ' আৰ এছ' বুলি ট্রেডমাৰ্কৰ নাম অথবা খাদ্য সামগ্ৰীবোৰৰ নাম অথবা ফল-মূল ভিত্তিক সামগ্রী, 'ৰেডি টু ড্রিংক বেভাৰেজ'ত লিখিব নোৱাৰিব বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি দিয়া 'অ' আৰ এছ' ফর্মুলা মতে প্রস্তুত কৰা সামগ্ৰীতহে 'অ' আৰ এছ' বুলি লিখিব পাৰিব।

Share This