কেইবাগৰাকী শিল্পীক 'ফিউচাৰ ফেচ এৱাৰ্ড' প্রদান

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক: ভুৱনেশ্বৰৰ সংস্কৃতিকী আৰু গুৱাহাটীৰ দৰ্পণ ডেন্স একাডেমিৰ যুটীয়া উদ্যোগত আমবাৰীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্রেক্ষাগৃহত ১৮ আৰু ১৯ জুলাইত দুদিনীয়াকৈ প্রতিদিনে বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হৈছে ভাৰত আন্তর্জাতিক নৃত্য মহোৎসৱ (আই আই ডি এফ) ২০২৬। 

নৃত্য মহোৎসৱৰ প্ৰথমদিনা মুখ্য অতিথি হিচাপে উপস্থিত থকা গুৰু বিপুল দাসে বন্তি প্রজ্বলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। দর্পণ ডেন্স একাডেমিৰ সঞ্চালক তথা ওডিচি আৰু সত্ৰীয়া নৃত্যৰ শিল্পী ড° অঞ্জনাময়ী শইকীয়াৰ তত্ত্বাৱধানত গুৱাহাটীত আয়োজন কৰা এই বিশেষ নৃত্য মহোৎসৱত ভাৰতৰ ভিন্ন প্ৰান্তৰৰ বহু শিল্পীয়ে একক, দ্বৈত আৰু দলীয়ভাৱে সত্ৰীয়া, ওডিচি, ভাৰত নাট্যম, কথক, মণিপুৰী আদি নৃত্য পৰিৱেশন কৰে। মহোৎসৱৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে সংগীত নাটক অকাডেমি বঁটাপ্রাপ্ত কথক নৃত্যশিল্পী গুৰু বিপুল দাস আৰু সন্মানীয় অতিথি হিচাপে সংগীত নাটক অকাদেমি বঁটাপ্রাপ্ত সত্রীয়া নৃত্যশিল্পী তথা টপ গ্রেড শিল্পী গুৰু অনিতা শৰ্মা, মণিপুৰী নৃত্যশিল্পী গুৰু এল কৰুণা দেৱী আৰু সংগীত নাটক অকাদেমিৰ সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালক ড° প্ৰতিভা শর্মা উপস্থিত থাকে। অনুষ্ঠানত কথক নৃত্যশিল্পী গুৰু বিজয় শ্রীবাস্তৱ, ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্রাপক শিল্পী ডাঃ মীড়নন্দা বৰঠাকুৰ, ভাৰত নাট্যম শিল্পী গুৰু উপাসনা মহন্ত গগৈ, ওডিচি নৃত্যশিল্পী অংকিতা কুলাভী আদিকে ধৰি ফিউচাৰ ফেচ এৱাৰ্ড ২০২৫ৰ বিচাৰকমণ্ডলী হিচাপে দায়িত্ব পালন কৰা কেইবাগৰাকীও বিশিষ্ট নৃত্যশিল্পী উপস্থিত থাকি মহোৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰে। 

নৃত্য মহোৎসৱৰ এই অনুষ্ঠানত যোৱা বছৰৰ আই আই ডি এফত নৃত্য পৰিৱেশন কৰা নৃত্যশিল্পীৰ মাজৰ পৰা প্রতিশ্রুতিসম্পন্ন নৃত্যশিল্পী বেদিকা ৰয়, শান্ত্ৰীয়া দেৱী কৌশিকী বশিষ্ঠ, উপলক্ষা শিৱম, শুভ বিভাস বিশ্বাস, ৰিদ্ধি দাস, প্ৰীতিকা নাথ, কৃতীকা চৌধুৰী, মান্যতা শৰ্মা, ৰূপচন্দা শর্মা, প্রাপ্তি ভট্টাচার্যক তেওঁলোকৰ নৃত্য পৰিৱেশনৰ গুণগত মানক ভিত্তি কৰি ফিউচাৰ ফেচ এৱাৰ্ড ২০২৫ প্ৰদান কৰা হয়।

Share This