ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিনৰ নিজৰ গীতবোৰ 'জুবিন সংগীত' হিচাপে নামকৰণ কৰাৰ বাবে আহ্বান জনাইছে শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গে। কালি সাংবাদিকৰ আগত তেওঁ কয় যে 'জুবিন গার্গে নিজে লিখা আৰু সুৰ দিয়া গীতবোৰ 'জুবিন সংগীত' হিচাপে মানুহে আদৰি লওক। এয়া কেৱল পৰিয়ালৰ দ্বাৰা সম্ভৱ নহয়, ৰাইজৰ সহযোগ লাগিব।'
তেওঁ লগতে কয়, 'আমি বিচাৰোঁ জুবিনৰ গীতবোৰ চৰ্চা হওক। সকলোৱে তেওঁৰ গীতবোৰ গাৱক। যাতে প্ৰজন্মৰ পাছত প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ থাকে তেওঁৰ গীতবোৰ।' উল্লেখযোগ্য যে পি আৰ মিউজিকেল ইনষ্টিটিউশ্যনৰ উদ্যোগত আৰু নৰ্থ-ইষ্ট পাব্লিক স্কুলৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা কালিৰ পৰা অনুষ্ঠিত হৈছে।
প্রশান্ত ৰাজখোৱাৰ তত্ত্বাৱধানত কাহিলিপাৰা নৰ্থ-ইষ্ট পাব্লিক স্কুলত আয়োজন কৰা এই কৰ্মশালাখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ আৰু প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা।