ডিজিটেল ডেস্ক: চিলিণ্ডাৰ গেছৰ নাটনিৰ মাজতে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ ছেক্টৰ থ্ৰীত ভয়ংকৰ ঘটনা। নুনমাটিৰ ছেক্টৰ থ্ৰীৰ পাৰ্কিং প্লেচত গেছ পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড।
এখন গেছ পৰিবাহী টেংকাৰত আকস্মিকভাৱে জুয়ে আগুৰি ধৰে।
ঘটনাস্থলীত আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী, এছ ডি আৰ এফ বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা কৰে।
টেংকাৰত আকস্মিকভাৱে জুয়ে আগুৰি ধৰাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
সংবাদ মাধ্যমক বাতৰি সংগ্ৰহত নিৰাপত্তাৰক্ষীৰ বাধা।
উল্লেখ্য যে, গুৱাহাটী শোধনাগাৰৰ পৰা ৰন্ধন গেছ ভৰ্তি কৰি অইল টেংকাৰসমূহ নুনমাটিৰ ছেক্টৰ থ্ৰীৰ পাৰ্কিং প্লেচত পাৰ্কিং কৰে।
প্ৰাগ নিউজ ডিজিটেল