পৰাজয়ৰ দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ

dainik janambhumi May 05, 2026

ডিজিটেল ডেস্ক: 'আজি ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত প্রকাশ পোৱা অসমবাসী ৰাইজৰ ৰায় আমি সম্পূর্ণ বিনম্রতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নির্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ।' শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পাছতেই ছচিয়েল মিডিয়াযোগে এই মন্তব্য কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 

যিসকল ভোটাৰ ৰাইজে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ওপৰত বিশ্বাস ৰাখি ভোটদান কৰিলে, তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ লগতে কয়, 'এই নির্বাচনত জয়লাভ কৰা প্ৰতিগৰাকী প্রার্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, তেওঁলোকে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰি ৰাজ্যখনৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব।' 

আনহাতে আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ'ম বুলি জনাই তেওঁ লগতে কয়, 'যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্তও মই নতশিৰে গ্ৰহণ কৰিছোঁ। ৰাইজৰ জনাদেশ অনুসৰি আমি এক দায়িত্বশীল বিৰোধী দল হিচাপে নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কর্তব্য পালন কৰিম। চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম আৰু চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ ক্ষেত্ৰত আমি সদায়েই ৰাইজৰ পক্ষত থাকি বিৰোধিতা কৰি যাম।' 

ইফালে নির্বাচনী প্ৰচাৰৰ সময়ছোৱাৰ লগতে বিগত কেইবামাহ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ প্ৰতি যি অকৃত্রিম মৰম, চেনেহ আৰু আশীর্বাদ প্ৰদান কৰিলে তাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বুলি জনাই তেওঁ কয়, 'আপোনালোকৰ এই অটল বিশ্বাস, সমর্থন আৰু উৎসাহেই আমাৰ আগবাঢ়ি যোৱাৰ শক্তি। ইয়াৰ লগতে, এই নির্বাচনত দিন-ৰাতি একাকাৰ কৰি বিৰোধী মিত্ৰজোঁটৰ অংশ হিচাপে দলৰ বাবে নিষ্ঠাৰে কাম কৰা প্ৰতিগৰাকী কর্মীলৈ আমি আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু অটল বিশ্বাসেই আমাৰ শক্তিৰ মূল ভিত্তি। 

কঠিন পৰিস্থিতিৰ মাজতো আপোনালোকে যি ধৈর্য, একতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ বাবে সদায়েই প্ৰেৰণা আৰু সাহসৰ বিষয় হৈ থাকিব। আগন্তুক দিনবোৰতো আপোনালোকৰ আশীর্বাদ, সহযোগিতা আৰু সমর্থন লাভকৰিম বুলি আশা কৰিলোঁ। তেওঁ স্পষ্টভাৱে কয়, 'অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। কিন্তু আদৰ্শৰ এই যুঁজখনত আমি সদায়েই অটল থাকিম আৰু ৰাইজৰ স্বাৰ্থ, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিম। পৰৱৰ্তী সময়ত দলৰ শীর্ষ নেতৃত্বই দলৰ যি দায়িত্ব পালন কৰিবলৈ দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই সাজু।'

Share This