ডিজিটেল ডেস্ক : যোৰহাটত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হোৱা মিত্ৰতা অনুযায়ী মৰিয়ানি সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়াক লৈ সমষ্টিটোত কংগ্রেছ কৰ্মীসকল ক্ষোভত ফাটি পৰিছে। কোনো কাৰণতেই মৰিয়নি সমষ্টি কংগ্ৰেছে এৰি দিব নোৱাৰে বুলি নেতৃত্বক সকীয়াই দিছে কংগ্রেছ কর্মীসকলে। বৃহস্পতিবাৰে ৰাতি এই মিত্ৰতাৰ কথা ঘোষণা হোৱাৰ পাছতেই সমষ্টিটোৰ দলীয় কৰ্মীসকলৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছতেই কালি কলিয়াপানী ব্লক কংগ্ৰেছ কমিটীৰ কার্যালয় প্রাংগণত সমষ্টিটোৰ অন্তৰ্গত পূব যোৰহাট ব্লক কংগ্ৰেছ, কলিয়াপানী ব্লক কংগ্ৰেছ, মৰিয়নি টাউন মণ্ডল কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছৰ শতাধিক বিষয়ববীয়া- কৰ্মীৰ উপস্থিতিত এক জৰুৰী সভা অনুষ্ঠিত হয়। দলীয় কর্মীসকলে কোনো কাৰণতেই মৰিয়নি সমষ্টি ৰাইজৰ দলক এৰি দিয়া বিষয়টো মানি নলয় আৰু দলীয় ঊর্ধ্বতন কর্তৃপক্ষৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে।
মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ এখনো বুথ সমিতি নাই বুলি উল্লেখ কৰি মাত্ৰ কংগ্ৰেছৰ বোকোচাত উঠি নির্বাচন জিকিবলৈ আহিছে বুলি উল্লেখ কৰে কংগ্ৰেছ কৰ্মীসকলে। ইয়াৰ বিপৰীতে বুথ সমিতিৰ পৰা ব্লক সমিতিলৈকে থকা কংগ্ৰেছৰ শক্তিশালী ভেটি আছে বুলি উল্লেখ কৰি কংগ্রেছ কর্মীসকলে কয় যে সমষ্টিটোত এতিয়াই ষাঠি হাজাৰোধিক কংগ্ৰেছ দলৰ সমৰ্থক আছে। তাৰ পাছতো কি কাৰণে সমষ্টিটো ৰাইজৰ দলক এৰি দিলে, সেয়া ৰহস্যৰ বিষয়। সভাত মৰিয়নি সমষ্টি ৰাইজৰ দলক কেতিয়াও এৰি দিব নোৱাৰে বুলি উল্লেখ কৰি কৰ্মীসকলে দলীয় ঊর্ধ্বতন কর্তৃপক্ষৰ প্রতি তীব্র বিষোদগাৰ প্ৰকাশ কৰে। একাংশ কংগ্রেছ কর্মীয়ে গৌৰৱ গগৈৰ সিদ্ধান্ত মানি লোৱা নহ'ব বুলি শ্ল'গান দিয়াৰ লগতে মৰিয়নি সমষ্টিত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ বুলিও শ্ল'গান দিয়ে। একাংশ কংগ্রেছ কর্মীয়ে 'হু ইজ গৌৰৱ গগৈ' বুলিও হুমকি প্রদান কৰে। গৌৰৱ গগৈৰ প্ৰতি তীব্র ক্ষোভপ্রকাশ কৰি কংগ্ৰেছ কর্মীসকলে কয় যে মৰিয়নিৰ কংগ্ৰেছ মৰিয়নিবাসী ৰাইজৰ হয়। ওপৰৰ পৰা আহি গৌৰৱ গগৈয়ে কাৰোবাক জাপি দিব, সেয়া মানি ল'ব নোৱাৰোঁ। কর্মীসকলে মৰিয়নি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী লাগিবই বুলি দাবী জনাই শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। মৰিয়নি সমষ্টি ভালদৰে চিনি নোপোৱা গৌৰৱ গগৈৰ কথা আমি নুশুনো আৰু নামানো বুলি একাংশ দলীয় কর্মীয়ে আস্ফালন কৰে। মিত্ৰতাৰ নামত মৰিয়নি সমষ্টিৰ কংগ্রেছ কর্মীসকলক গৌৰৱ গগৈয়ে ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছে বুলি মন্তব্য কৰে। মৰিয়নি সমষ্টিৰ পূব যোৰহাট ব্লক আৰু কলিয়াপানী ব্লক কংগ্ৰেছ কমিটীৰ আটাইকেইটা কোষৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াৰ লগতে বহুসংখ্যক কংগ্রেছ কর্মী উপস্থিত থকা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি, মৰিয়নি সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক টিকট দিবৰ বাবে অসম প্রদেশ কংগ্ৰেছ কমিটীক দাবী জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে যদি মিত্ৰতাৰ নামত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিদিলেও ৰাইজৰ দলৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে হ'লেও কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াৰ দাবী জনোৱা হয়। যদি বন্ধুত্বমূলকভাৱেও কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়ে, তেন্তে কোনো কাৰণতে কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু কৰ্মীসকলে ৰাইজৰ দলৰ প্ৰাৰ্থীক সমর্থন নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয়। তদুপৰি প্ৰয়োজনত কংগ্ৰেছৰ সমৰ্থনত নির্দলীয়াভাৱে প্রার্থী দিবলৈ কংগ্রেছ কর্মীসকল বাধ্য হ'ব বুলিও সিদ্ধান্ত গ্রহণ কৰে। এই ক্ষেত্রত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ স্পষ্ট স্থিতি দাবী জনাই আন এক সিদ্ধান্তও গ্রহণ কৰে। স্বাভাৱিকতে এই বিষয়টোৱে এতিয়া সমষ্টিবাসী ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰিছে। ইফালে, একাংশ দলীয় কর্মীয়ে কালি কংগ্ৰেছৰ পতাকা নমাই আনি ভৰিৰে গচকি-মোহাৰি, থুৱাই ডাষ্টবিনত প্রক্ষেপ কৰে।
হতাশাগ্রস্ত কংগ্রেছ কর্মীসকলে কয় যে আমি ইমান দিনে কি কাৰণত কংগ্ৰেছ কৰিলোঁ। দলৰ অতি বেয়া সময়ত দলক সংগঠিত কৰিলোঁ। দলীয় নেতৃত্বই সেই বিষয়ে গম পায় জানো? কংগ্ৰেছৰ স্বাৰ্থত আমি সকলো ত্যাগ কৰাৰ পাছত কালি সমষ্টিটো ৰাইজৰ দলক এৰি দিলে। যদি এনেকুৱাই হৈ থাকে, তেন্তে কংগ্রেছ কর্মীসকলে সমূহীয়াভাৱে কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হ'ব বুলিও কংগ্রেছ কর্মীসকলে নেতৃত্বক সকীয়নি দিয়ে। ইফালে, সমষ্টিটোৰ এটা প্রান্তত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদৰ সময়তেই কালি দুপৰীয়া কংগ্ৰেছ মিত্ৰজোঁটৰ সমৰ্থিত ৰাইজৰ দলৰ মৰিয়নিৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই বিপুল সংখ্যক সমর্থকক লগত লৈ মনোনয়ন-পত্র দাখিল কৰিবলৈ যায়। এনে এক প্রেক্ষাপটত পৰৱৰ্তী সময়ত দুয়োটা দলৰ নেতৃত্বই কি পদক্ষেপ গ্রহণ কৰে, সেয়া নিতান্তই লক্ষণীয় হ'ব।