ডিজিটেল ডেস্ক: ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা দলৰ শীৰ্ষ নেতা গৌৰৱ গগৈয়ে ইতিমধ্যে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰাৰ পাছতে দলটোৰ সভাপতি হিচাপে তেওঁৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।
গৌৰৱ গগৈৰ পদত্যাগৰ দাবীত বিভিন্নজনৰ প্ৰতিক্রিয়া অব্যাহত থকাৰ সমানুপাতিকভাৱে নিৰ্বাচনৰ ফলাফলৰ পাছত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধেও উঠিছে পদত্যাগৰ দাবী। ধাৰাবাহিক নির্বাচনী বিফলতাৰ বাবে গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ দলীয় নেতৃত্বক লৈ বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে। এনে দাবী উত্থাপন হৈ থকাৰ সময়তে অসম প্রদেশ কংগ্ৰেছ সমিতিৰ প্রাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ৰিপুন বৰাই কালি গৌৰৱ গগৈ সন্দৰ্ভত তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰে।
ৰিপুন বৰাই কয়, '২০২১ চনত ৫১খন আসন পাইছিলোঁ। সেইবাৰ নৈতিক দায়িত্ব পালন কৰি মই সভাপতিৰ পৰা পদত্যাগ কৰিছিলোঁ। এইবাৰ সভাপতি পদ সন্দৰ্ভত গৌৰৱ গগৈয়ে কি সিদ্ধান্ত লয় সেয়া তেওঁৰ নিজৰ কথা। গৌৰৱ গগৈয়ে পদত্যাগ কৰিব নে নকৰে সেয়া নিজা সিদ্ধান্ত।' ইফালে, গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈক লৈ খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈয়েও তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। গৌৰৱ গগৈ সন্দৰ্ভত তেওঁ কয় 'শোচনীয় পৰাজয়ৰ বাবে গৌৰৱ গগৈয়ে পদত্যাগ কৰা উচিত। গৌৰৱ গগৈৰ ঠাইত মই থকা হ'লে সভাপতিৰ পৰা পদত্যাগ কৰিলোঁহেঁতেন।'
আনহাতে, লুৰীণজ্যোতি গগৈ সন্দৰ্ভত তেওঁ কয় যে নিজৰ ভোট কেন্দ্ৰতে লুৰীণজ্যোতি গগৈ হাৰিল। মোক নিৰ্বাচনৰ সময়ত নিমাতী কইনা বুলি ভেঙুচালি কৰিছিল, মোৰ পঢ়া-শুনা নাই বুলি কৈছিল। মানুহে এই কথাবোৰত বেয়া পালে লুৰীণক। সমষ্টিত ৬০০ কিঃমিঃৰ অধিক পথ নিৰ্মাণ কৰাৰ পাছত মই একো কাম নকৰা বুলি কোৱা বাবে খোৱাঙৰ ৰাইজে বেয়া পাইছে। মই বনোৱা পথেৰে নতুন ফচুনাৰ গাড়ী চলাই গৈ লুৰীণে মোকে গালি পাৰিলে। আনহাতে, গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈয়ে আহোমৰ বাবে জীৱনত এঘণ্টা সময় খৰচ কৰি পোৱা নাই বুলিও তেওঁ মন্তব্য কৰে।
ইফালে, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মায়ো গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ পদত্যাগৰ দাবী তুলিছে। তেওঁ কয়, 'পৰাজিত হোৱা দলৰ সভাপতিয়ে পদত্যাগ কৰাটো একপ্ৰকাৰৰ সৌজন্যতা আছিল। গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈয়ে সেই সৌজন্যতা ৰক্ষা কৰিব নে নকৰে সেয়া নাজানো।'