ডিজিটেল ডেস্ক : প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিধায়ক জুবেৰ আনমৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত এতিয়া প্রদেশ কংগ্ৰেছত গৌৰৱ হাটাও অভিযানৰ সূত্রপাত ঘটিছে। উল্লেখযোগ্য যে ২১ মে'ত ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সভাত আধাঘণ্টা পলমকৈ উপস্থিত হোৱাৰ বাবেই গৌৰৱ গগৈ জুবেৰ আনমৰ বিৰুদ্ধে খর্গহস্ত হৈ পৰিছিল আৰু দুয়োৰে মাজত গুৰুতৰ কাজিয়াৰ সূত্রপাত ঘটে। এতিয়া এই কাজিয়াই প্রদেশ কংগ্রেছক দুভাগত বিভক্ত কৰাৰ পথ লৈছে।
জানিব পৰা মতে, যুৱ কংগ্ৰেছৰ সভাপতি তথা বিধায়ক জুবেৰ আনমৰ লগতে দলৰ একাংশ নেতাই গৌৰৱ গগৈৰ বিৰুদ্ধে হাই কমাণ্ডলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰি তুলিছে এখন ৩৫ পৃষ্ঠাজোৰা অভিযোগ-পত্র। ইফালে গৌৰৱ গগৈৰ শিবিৰো পিছপৰি থকা নাই। গৌৰৱ গগৈ শিবিৰৰ বিধায়ক আচিফ নাজাৰ, আব্দুৰ ৰহিম আহমেদ আৰু চুবাজান আলী সৰকাৰে গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিবলৈ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিলৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।
এই পত্ৰত বিধায়ক তিনিজনে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমে গৌৰৱ গগৈক দুর্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি আনমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে। এই যুঁজৰ পৰিণতিত আনম আৰু গগৈৰ ভিতৰত যে কোনোবা এজনৰ পাখি কটা যাব সেয়া নিশ্চিত। কাৰণ দুয়োজন নেতাৰ মাজৰ কাজিয়াই এতিয়া কংগ্ৰেছ হাই কমাণ্ডকো যথেষ্ট অস্বস্তিত পেলোৱাৰ লগতে ক্ষুণ্ণ কৰি তুলিছে।