ডিজিটেল ডেস্ক: এফালে বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা ঐতিহাসিক সম্পদসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ দাবী আৰু আনফালে কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগ দুটাৰ নির্লিপ্ত ভূমিকাৰ মাজতে অস্তিত্বৰ সংকটত পৰিছে এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ ৰজাদিনীয়া গৌৰীসাগৰৰ বৰপুখুৰী আৰু ইয়াৰ দৌল-দেৱালয়সমূহ।
আহোম স্বৰ্গদেউসকলৰ ছশবছৰীয়া ৰাজত্ব কালৰ সোণোৱালী ইতিহাসৰ স্বাক্ষৰ বহনকাৰী শিৱসাগৰ জিলাৰ গৌৰীসাগৰত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ স্মৃতি বিজড়িত গৌৰীসাগৰ বৰপুখুৰীতো স্বামী তথা স্বৰ্গদেউ শিৱ সিংহৰ স্মৃতিত খন্দোৱাইছিল। অতি দুর্ভাগ্যজনক বিষয় যে কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে ক্ৰমাৎ পুখুৰীটো ধ্বংসৰ দিশলৈ গতি কৰাৰ লগতে পুখুৰীটোৰ বৰ্তমানৰ দুৰৱস্থাক লৈ পৰ্যটকে নাক কোঁচাব লগীয়া পৰিস্থিতি হৈছে। পুখুৰীটোৰ সংৰক্ষণ আৰু সৌন্দর্য বর্ধনৰ নামত লক্ষ লক্ষ টকাৰ আঁচনি ৰূপায়ণ কৰা হৈছে যদিও পুখুৰীটোৰ চাৰিওটা পাৰ হাবি-জংঘলেৰে আৱৰি ধৰাৰ লগতে পুখুৰীটোৰ জলৰাশিত দীর্ঘদিনৰ পৰা অপতৃণ সদৃশ পানী মেটেকা আদিৰে ভৰি পৰিছে। তাতোতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল, পুখুৰীটোৰ দক্ষিণ আৰু পশ্চিম পাৰ দুটা সন্ধিয়া হোৱাৰ লগে লগে অসামাজিক কার্যকলাপৰ ঘাটিলৈ পৰিণত হৈ আহিছে।
নৱপ্ৰজন্মৰ এচাম উচ্ছৃংখল যুৱক-যুৱতীয়ে মদ-ভাঙৰ উপৰি মাৰাত্মক ড্ৰাগছ সেৱনৰ নিৰাপদ স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে। নিচাযুক্ত দ্রব্য সেৱন কৰি সন্ধ্যাতো বাদেই দিন দুপৰতে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি অহা নৱপ্ৰজন্মৰ এনে মানসিকতাৰ বাবেই দক্ষিণ পাৰত অৱস্থিত চৰকাৰী ৰেচম পামৰ চোমনি বাগিচাখনলৈ নামি আহিছে অশনি সংকেত। উক্ত ৰেচম পামৰ চোমনিত গজি উঠা বনৰীয়া গছ-গছনিৰ আঁৰ লৈ একাংশ যুৱক-যুৱতীয়ে সুৰা আৰু ড্ৰাগছ সেৱন স্থলীত পৰিণত কৰাৰ লগতে সুৰাৰ বটলসমূহ ভাঙি তাতে এৰি থৈ যোৱা বাতাবৰণত অসন্তুষ্ট হৈ স্থানীয় মুগা পালকসকলে অতি সম্প্রতি মুগা পালনৰ বাবে ৰেচম পামলৈ অহাত অনীহা প্ৰদৰ্শন কৰাটো এক দুর্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। পুখুৰীটোৰ পাৰসমূহৰ এনে দুষ্কাৰ্যৰ পৰিৱেশৰ বাবেই দেশী-বিদেশী পর্যটকেও আধা বাটৰ পৰাই পুখুৰীটো দৰ্শন নকৰাকৈয়ে আঁতৰি যায়। তদুপৰি একাংশ নৱপ্ৰজন্মৰ এনে উচ্ছৃংখল মানসিকতা আৰু কাৰ্যকলাপৰ বাবেই পুৱা-গধূলি স্থানীয় পুৰুষ-মহিলাসকল খোজকাঢ়ি যাব নোৱাৰা পৰিস্থিতিও উদ্ভৱ হৈছে পুখুৰীটোৰ চাৰিটাকৈ পাৰত।
তাৎপর্যপূর্ণ বিষয় যে পুখুৰীটোৰ প্ৰৱেশ পথতে আছে গৌৰীসাগৰ আৰক্ষী থানা। কিন্তু গৌৰীসাগৰ আৰক্ষীয়ে এইসকল উচ্ছৃংখল নৱ প্ৰজন্মৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰাত স্থানীয় সচেতন ব্যক্তিসকলক ক্ষুব্ধ কৰি তুলিছে। স্মর্তব্য যে স্বৰ্গদেউ শিৱ সিংহৰ ভাৰ্যা বৰৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে ১৭২৩ খ্রীষ্টাব্দত ফাগুনৰ পাঁচ দিন যাওঁতে উক্ত পুখুৰীটোৰ খনন কাৰ্য কৰোৱাইছিল।
১৭২৪খ্ৰীষ্টাব্দৰ আহাৰ মাহৰ ১৬দিন যাওঁতে পুখুৰীটো খন্দাৰ কাম শেষ কৰি তাৰ পাৰত শিৱ দৌল, বিষ্ণু দৌল, দেৱী দৌল নামেৰে তিনিটাকৈ দৌল নিৰ্মাণ কৰোৱাইছিল। আনহাতে, পুখুৰীটোৰ পাৰত থকা দৌলকেইটাও সংৰক্ষণৰ নামত বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও উদঙীয়া গৰু-ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে। দৌলসমূহৰ চৌহদো হাবি- জংঘলেৰে আৱৰি ধৰাৰ লগতে উদ্যানৰ ফুলনিৰ নামত দুই- এজোপাহে ফুল গছ আছেগৈ। তদুপৰি, দৌলসমূহৰ চৌহদত নাই প্রয়োজনীয় সৌৰশক্তি চালিত লাইটৰো কোনো সুব্যৱস্থা। নিশা হ'লে আন্ধাৰে আৱৰি ধৰে দলকেইটাৰ চৌহদ। গুৰুত্বপূর্ণ বিষয় যে বিভিন্ন জাতীয় দল-সংগঠনৰ নেতা, বিষয়ববীয়াই গৌৰীসাগৰত দদপাই থকাৰ পাছতো পুখুৰীটোৰ এনে কদর্যময় পৰিৱেশ আৰু দৌল- দেৱালয়সমূহৰ দুৰৱস্থাৰ ক্ষেত্ৰত মৌন হৈ থকাৰ বিষয়টোৱে ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।