ডিজিটেল ডেস্ক : মুখ্য প্রশিক্ষক গৌতম গম্ভীৰৰ তত্ত্বাৱধানত ভাৰতীয় ক্রিকেট দলে এদিনীয়া আৰু টি-২০ত সুন্দৰ প্ৰদৰ্শন কৰিলেও টেষ্টত প্রদর্শন মুঠেও সন্তোষজনক নহয়। চলিত বছৰত গম্ভীৰৰ তত্ত্বাৱধানত ভাৰতে দহখন টেষ্ট খেলে আৰু ইয়াৰে পাঁচখনতে পৰাজিত হয়। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত ভাৰত ২-০ ব্যৱধানত পৰাজিত হোৱাৰ পাছত বি চি চি আয়ে তেওঁৰ বিকল্পৰ সন্ধান কৰা বুলি সংবাদ মাধ্যমত প্রকাশ পাইছে। এটা বাতৰিত প্রকাশ পোৱা মতে, শৃংখলাটোত পৰাজিত হোৱাৰ পাছতে বি চি চি আইৰ এজন উচ্চপদস্থ বিষয়ববীয়াই অনানুষ্ঠানিকভাৱে ভি ভি এছ লক্ষ্মণক তেওঁ টেষ্ট দলৰ প্ৰশিক্ষক হ'বলৈ বিচাৰে নেকি বুলি প্রশ্ন কৰিছিল। কিন্তু লক্ষ্মণে অনিচ্ছা প্রকাশ কৰিলে।
তেওঁ কয় যে তেওঁ বেংগালুৰুৰ উৎকৃষ্টতা কেন্দ্ৰ মুৰব্বীৰ পদতে সন্তুষ্ট। ইয়াৰ পাছত গম্ভীৰৰ বিকল্পৰ সন্ধান সিমানতে অন্ত পৰে। গম্ভীৰৰ বি চি চি আইৰ সৈতে হোৱা চুক্তি অনুসৰি তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব ২০২৭ চনৰ বিশ্ব কাপৰ পাছতে। তেওঁৰ প্ৰতি বি চি চি আইৰ বৰ্তমান পূর্ণ সমর্থন আছে। কিন্তু বি চি চি আইৰ বাবে চিন্তাৰ কাৰণটো হ'ল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৫-২৭ চক্ৰৰ বাকী থকা ৯খন টেষ্ট। ভাৰতে অহা বছৰ আগষ্টত শ্রীলংকাৰ বিৰুদ্ধে দুখন আৰু নিউজিলেণ্ডত দেশখনৰ বিৰুদ্ধে দুখন টেষ্ট খেলিব। ইয়াৰ পাছত পাঁচখনীয়া টেষ্ট শৃংখলাত খেলিবলৈ অষ্ট্ৰেলিয়া ভাৰতলৈ আহিব। এই টেষ্টকেইখনৰ কমেও সাতখনত ভাৰত জয়ী হ'বই লাগিব। বি চি চি আইৰ এটা সূত্রই কয় যে গম্ভীৰক ব'র্ডে সমর্থন জনাই আহিলেও টেষ্টত তেওঁ মুখ্য প্রশিক্ষকৰ পদত নিষ্কণ্টক নহয়। সূত্ৰটোৰ মতে, টেষ্ট দলৰ এই পদৰ বাবে বি চি চি আইৰ হাতত অধিক বিকল্প নথকাটো গম্ভীৰৰ বাবে এই সুযোগ হৈ পৰিছে। কিন্তু টি-২০ বিশ্ব কাপ যদি ভাৰতে পুনৰ নিজৰ হাতত ৰাখিব পাৰে অথবা ফাইনেলত উপনীত হয় তেতিয়া তেওঁ পদত অব্যাহত থাকিব।
তেওঁৰ টেষ্টৰ মুখ্য প্রশিক্ষক পদত থাকে নে নাথাকে সেইটোহে চাবলগীয়া হ'ব। এটা কথা ঠিক যে গম্ভীৰ মুখ্য প্রশিক্ষক হোৱাৰে পৰা ভাৰতীয় দলত কোনো খেলুৱৈয়ে সুৰক্ষিত অনুভৱ কৰা নাই। ৰাহুল দ্রাবিড়ৰ দিনত খেলুৱৈসকলৰ দলত ভূমিকা নিৰ্ধাৰিত আছিল আৰু নিজৰ উপযোগিতা প্ৰদৰ্শনৰ বাবে পর্যাপ্ত সুযোগ পাইছিল, যিটো এতিয়া দলত নাই।