ডিজিটেল ডেস্কঃ জীৱনসংগীয়েই যেতিয়া মৃত্যুদূত হৈ আহে তেন্তে মানুহে বিশ্বাস কৰিবনো কাক! পত্নীয়ে স্বামীক হত্যা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা এক ঘটনা পোহৰলৈ আহিছে।
বৰ্তমান মেৰুটৰ এখন চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজিছে মুজাফ্ফৰ্নগৰৰ অনুজ শৰ্মাই। চিকিৎসকৰ মতে তেওঁক বিহ খুৱাই দিয়া হৈছিল। অভিযোগ অনুসৰি তেওঁৰ পত্নী পিংকী শৰ্মাই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।
দুবছৰ পূৰ্বে গাজিয়াবাদৰ লনীৰ বাসিন্দা পিংকীৰ সৈতে অনুজৰ বিবাহ হৈছিল। কিন্তু এই বিবাহ সুখৰ নাছিল। অনুজৰ জ্যেষ্ঠ ভগ্নী মীনাক্ষী শৰ্মাৰ মতে, বিয়াৰ কেইমাহমানৰ পিছতেই পিংকী আৰু অনুজৰ মাজত কাজিয়া আৰম্ভ হয়।
অনুজে কৈছিল যে পিংকীৰ আচৰণ ঠিক নহয়। মীনাক্ষীয়ে কোৱা অনুসৰি বহুবাৰ অনুজে পিংকীক মোবাইলত কাৰোবাৰ লগত কথা পাতি থকা অৱস্থাত ধৰিছিল, কিন্তু পিংকীয়ে সদায় এৰাই চলিছিল। অনুজে এদিন পিংকীৰ মোবাইলটো কাঢ়ি লৈ গ’ল, তেতিয়া তেওঁ চাঞ্চল্যকৰ মেছেজ আৰু ফটো পাইছিল।
অনুজে এই সম্পৰ্কত বহুবাৰ আপত্তি কৰিছিল, পিছত পিংকী মাক-দেউতাকৰ ঘৰলৈ গুচি গৈছিল। অনুজে বিবাহ বিচ্ছেদ বিচৰাৰ বাবেই পিংকীক ফোন কৰি ঘৰলৈ মাতিবলৈও চেষ্টা কৰা নাছিল। কিন্তু কিছু দিনৰ পাছত পিংকীয়ে নিজৰ ভুলটো মানি লৈ অনুজৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে।
অনুজে তাইক দ্বিতীয়বাৰৰ বাবে সুযোগ দিলে, কিন্তু পিংকী অহাৰ লগে লগেই অনুজৰ বিৰুদ্ধে মহিলা থানাত এজাহাৰ দাখিল কৰিলে। আৰক্ষীয়ে দুয়োকে কাউন্সেলিং কৰি অনুজৰ লগত পিংকীক ঘৰলৈ পঠিয়াই দিলে। এসপ্তাহৰ আগতে পিংকী ঘৰলৈ উভতি আহোঁতে অনুজৰ মাতৃক কৈছিল, মই কিবা এটা কাৰণতহে ঘূৰি আহিছোঁ।
মীনাক্ষীয়ে লগতে কয় যে অনুজ ২৫ তাৰিখে চাকৰিৰ পৰা ঘৰলৈ উভতি আহোঁতে পিংকীয়ে তেওঁক কফি খাবলৈ দিছিল। কফি খোৱাৰ কিছু সময়ৰ ভিতৰতে অনুজৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে জনোৱা মতে কিছু বিষাক্ত পদাৰ্থ সেৱন কৰা বাবে অনুজৰ অৱস্থা গুৰুতৰ হৈছে। তেওঁৰ অৱস্থা অধিক বেয়া হোৱা দেখি তেওঁক মিৰাটলৈ লৈ যোৱা হয়, য’ত তেওঁক আই চি ইউত ভৰ্তি কৰা হয়।
পৰিয়ালে অভিযোগ কৰে যে অনুজক চাবলৈ পিংকী বা তাইৰ পৰিয়াল হস্পিটেললৈ অহা নাছিল। তাৰ বিপৰীতে পিংকীৰ পৰিয়ালে তেওঁক লগত লৈ গ’ল গাজিয়াবাদলৈ। অনুজ এতিয়া সংকটমুক্ত যদিও তেওঁ কথা ক’ব পৰা অৱস্থাত নাই, কেৱল ইংগিতৰ জৰিয়তেহে তেওঁ মনৰ ভাৱ বুজাবলৈ সক্ষম হৈছে। পৰিয়ালৰ অভিযোগ যে এইটো এটা সুপৰিকল্পিত হত্যাৰ ষড়যন্ত্ৰ আছিল।
চি অ’ ৰমাশিশ যাদৱে জনোৱা মতে, পিংকীয়ে কফিত বিহ মিহলাই স্বামী অনুজ শৰ্মাক বিষাক্ত দ্ৰব্য খুৱাই দিয়াৰ তথ্য লাভ কৰা হৈছে। অনুজৰ পৰিয়ালে দিয়া অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল